Surprise Me!

দেওকণ ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউ বিজয়ী

2026-07-27 5 Dailymotion

মৰিগাঁও: মৰিগাঁৱত অনুষ্ঠিত দেওকণ সোঁৱৰণী ১৭ বছৰ অনুৰ্ধ্ব আন্তঃজিলা বিদ্যালয় ফুটবল প্ৰতিযোগিতাত চৰাইদেউৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে খিতাপ দখল কৰিছে  । ৰাজ্যৰ ৩৩ খন জিলাৰ যোগ্যতা অৰ্জনকাৰী দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনিৰ চূড়ান্ত মেচত  কামৰূপ (গ্ৰাম্য) জিলাৰ আপাতানি উচ্চ মাধ্যমিক বিদ্যালয়ক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চৰাইদেউ জিলাৰ বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে ।  

নিৰ্ধাৰিত সময়ত দুয়োটা দলে গ'ল কৰাত ব্যৰ্থ হোৱাত অতিৰিক্ত সময়ত বামপথাৰ বেঙেনাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলুৱৈসকলে আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি ১-০ গ'লৰ অগ্ৰগতি লাভ কৰে । শেষলৈকে এই অগ্ৰগতি অক্ষুণ্ণ ৰাখি দলটোৱে দেওকণ সোঁৱৰণী প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে ।

লগতে পঢ়ক:ডুৰাণ্ড কাপ : বিশ্বৰ তৃতীয়খন পুৰণি ফুটবল প্ৰতিযোগিতা

ইম্ফললৈ পুনৰ ঘূৰি আহিল ডুৰাণ্ড কাপৰ উন্মাদনা