মঙলদৈ: দৰং জিলাৰ মঙলদৈত কৰুণ ঘটনা । সোমবাৰে মঙলদৈ নৈত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ । কিশোৰ দুজন নতুন পাৰাৰ সঞ্জীৱ মণ্ডল আৰু ঋত্বিক মণ্ডল বুলি জানিব পৰা গৈছে । স্থানীয় লোকৰ সহযোগত এছডিআৰএফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ কিশোৰ দুজন উদ্ধাৰ হোৱা নাই ।
এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "আমাৰ গাঁৱৰে ল'ৰা । নতুন পাৰা ৫ নং ৱাৰ্ডৰ । দুয়ো মোৰ বন্ধুৰ ল'ৰা । খবৰ পায়েই দৌৰি আহিলোঁ । এছডিআৰএফৰ মানুহ আহিছে, কাম কৰি আছে । কি পাওঁ নাজানো । সিহঁত গা ধুবলৈ আহিছিল । এজন ল'ৰা বাহিৰত থাকে । হোষ্টেলত থাকি পঢ়ে । গৰমৰ বন্ধ বুলি ঘৰলৈ আহিছিল ।"
ইফালে এছডিআৰএফৰ ডুবাৰু নথকাৰ বাবে আক্ষেপ প্ৰকাশ কৰি তেওঁ কয়, "আমাৰ ইয়াত এছডিআৰএফৰ ডুবাৰু নাই । এই বাৰিষাৰ বতৰ, চাৰিওফালে বান । জিলাখনত এজন বা দুজন ডুবাৰু থাকিব লাগে । ডুবাৰু থাকিলে কিবা সকাহ পালোহেঁতেন । আৰু যেন এনে দুৰ্ঘটনা সংঘটিত নহয় । এজন বা দুজন ডুবাৰু ৰাখিবলৈ জিলা প্ৰশাসনক অনুৰোধ জনালোঁ ।" এই ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক :
গুৱাহাটী আই আই টিত অধ্যয়নৰত বি-টেকৰ তৃতীয় বৰ্ষৰ এজন ছাত্ৰ মৃত্যু