Surprise Me!

বিটিআৰ শান্তিচুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী: জোনাইত এবছুৰ প্ৰতিবাদ

2026-07-27 4 Dailymotion

জোনাই : নিখিল বড়ো ছাত্ৰ সন্থাই সোমবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । মূলত বিটিআৰ শান্তিচুক্তিৰ গুৰুত্বপূৰ্ণ দফাসমূহ শীঘ্ৰে ৰূপায়ণৰ দাবীত সমগ্ৰ ৰাজ্যৰ লগতে জোনাই সমজিলাতো ধেমাজি জিলা নিখিল বড়ো ছাত্ৰ সন্থাই (এবছু) ২ ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ।

এবছুৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বডোছা ব্ৰহ্মই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি কয়, "বিটিআৰ শান্তিচুক্তি দফাসমূহ এতিয়ালৈ সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই । সেয়ে অসম আৰু ভাৰত চৰকাৰক এই প্ৰতিবাদৰ জৰিয়তে দাবী জনাইছোঁ যে শীঘ্ৰে এই দফাসমূহ কাৰ্যকৰী কৰিব লাগে । সেই চুক্তি অনুসৰি বিটিআৰৰ বাহিৰৰ বড়োসকলে বড়ো-কছাৰী স্বায়ত্তশাসিত উন্নয়ন পৰিষদ হিচাপে সৰু পৰিষদ এটা পাবলৈ সক্ষম হৈছিলোঁ । এই পৰিষদ এলেকাত অতিৰিক্ত গাঁওসমূহ তৎকালীনভাৱে অন্তৰ্ভুক্ত কৰি পলম নকৰাকৈ পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী জনাইছোঁ ।"

ইয়াৰ লগতে প্ৰতিবাদত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বসবাস কৰা বড়োসকলক এছ টি (হিলছ)ৰ মৰ্যাদা প্ৰদানৰ প্ৰসংগটোও উত্থাপন কৰা হয় । 

বড়ো মাধ্যমৰ শিক্ষাৰ সৈতে জড়িত সকলো সমস্যা শীঘ্ৰে সমাধান কৰি বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে পৰ্যাপ্ত শিক্ষক নিযুক্তি, সময়মতে পাঠ্যপুথি যোগান ধৰা আৰু শৈক্ষিক আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায় । এই প্ৰতিবাদত এবছুৰ বহু কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :

মৰিগাঁও ৰাজহ চক্ৰৰ গাঁও মিকিৰ ভেটাত অন্তৰ্ভুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ