Surprise Me!

বানাক্ৰান্তৰ কাষলৈ ৰাওনা বঙাইগাঁও জিলা আছু আৰু প্ৰেছ ক্লাৱৰ সদস্য

2026-07-30 4 Dailymotion

বঙাইগাঁও : "মানুহে মানুহৰ বাবে..."-এই বাক্যশাৰী পুনৰ এবাৰ সাৰ্থক কৰি তুলিলে বঙাইগাঁওবাসীয়ে । উজনি অসমৰ বানপীড়িত লোকসকলৰ কাষত থিয় দিবলৈ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা আৰু বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাৱৰ আহ্বানত সঁহাৰি জনাই অভূতপূৰ্ব মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰিলে জিলাবাসীয়ে ।

বানপীড়িত লোকসকলৰ বাবে খাদ্য সামগ্ৰী, কাপোৰ, শিশু খাদ্য, ঔষধ, খোৱাপানী, চাবোন, ডেটল আদি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী বঙাইগাঁৱৰ শতাধিক ব্যক্তি, ব্যৱসায়ী, সামাজিক সংগঠন আৰু সাধাৰণ ৰাইজে দান কৰে । সংগৃহীত এই বিপুল পৰিমাণৰ সাহায্য সামগ্ৰীৰ মুঠ আঠখন বাহন ইতিমধ্যে শিৱসাগৰ জিলা অভিমুখে ৰাওনা হৈছে ।

এগৰাকী আয়োজকে কয়, ‘‘বিপদৰ সময়ত একত্ৰিত হৈ মানুহৰ কাষত থিয় দিয়াটোৱেই সমাজৰ প্ৰকৃত দায়িত্ব । বঙাইগাঁওবাসীয়ে যি উৎসাহ আৰু সহমৰ্মিতা প্ৰদৰ্শন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ৷ মানৱীয়তা, সহানুভূতি আৰু ঐক্যৰ এই অনন্য দৃষ্টান্তই পুনৰ প্ৰমাণ কৰিলে যে বিপদ আহিলে অসমবাসী কেতিয়াও ইজনে সিজনক অকলে এৰি নিদিয়ে ৷’’

লগতে পঢ়ক : পুনৰ বানত ডুব যাব পাৰে উজনি অসমৰ কেবাখনো জিলা: অৰুণাচল-নাগালেণ্ডত ধাৰাসাৰ বৰষুণ

লগতে পঢ়ক : উজনি অসমত পুনৰ বানৰ আশংকা: নীপকোৱে আকৌ খুলি দিলে তিনিখনকৈ গেট