Surprise Me!

জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ : অসমৰ ভিতৰত দ্বিতীয় স্থানত আছে বৰপেটাত; মৃত্যু ৪ জনৰ

2026-08-02 4 Dailymotion

বৰপেটা : বৰপেটা জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰ ফলত জিলাখনত ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শেহতীয়া তথ্য অনুসৰি জাপানীজ এনকেফেলাইটিছ আক্ৰান্তৰ সংখ্যাৰে বৰপেটা জিলা অসমৰ ভিতৰত দ্বিতীয় স্থানত আছে ।

বৰপেটা জিলা মেলেৰিয়া বিষয়া জ্যোতিৰূপা দাসে সদৰী কৰে যে জিলাখনত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আজিলৈকে ৫১ জন লোক আক্ৰান্ত হৈছে । ইয়াৰে ১৪ জন এই ৰোগত আক্ৰান্ত হোৱা বুলি এই পৰ্যন্ত নিশ্চিত কৰাৰ লগতে চাৰিজনৰ ইতিমধ্যে মৃত্যু হৈছে ৷ আনহাতে, এই সময়ছোৱাত বৰ্ধক্যজনিত কাৰণতো পাঁচজন লোকৰ মৃত্যু হৈছে ৷

জিলা মেলেৰিয়া বিষয়াগৰাকীয়ে জনোৱা মতে, বৰপেটা জিলাত ডেংগি ৰোগেও দেখা দিছে ৷ জ্যোতিৰূপা দাসে কয়, ‘‘এই পৰ্যন্ত জিলাখনৰ ১৩ জন লোক ডেংগিত আক্ৰান্ত হৈছে ।‌ ইয়াৰে সংক্ৰমণৰ ফলত সাতজন লোক আক্ৰান্ত হৈছে ৷ এই ৰোগক প্ৰতিৰোধ কৰিবৰ বাবে বৰপেটা জিলাত ধোঁৱা দিয়া, ঔষধযুক্ত আঠুৱা বিতৰণ, সজাগতা সভা অনুষ্ঠিত কৰা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ৷’’

তেওঁ ৰাইজক উদ্দেশ্যি কয়, ‘‘জ্বৰত আক্ৰান্ত হ’লে ফাৰ্মাছীৰ পৰা নিজে ঔষধ আনি সেৱন নকৰিব ৷ তাৰ পৰিৱৰ্তে চিকিৎসকৰ কাষ চাপক ৷’’

লগতে পঢ়ক : আগতে আছিল মেলেৰিয়াৰ তাণ্ডৱ, এতিয়া আতংকৰ কাৰণ জাপানীজ এনকেফেলাইটিছ

লগতে পঢ়ক : বাৰিষাৰ স্বাস্থ্য় অভিযান : ডেংগুৰ উত্থান; মেলেৰিয়া- কলাজ্বৰ হ্ৰাস পোৱাৰ বিপৰীতে এনচিডি বৃদ্ধি