Surprise Me!

ডেৰবছৰীয়া সন্তানক লগত লৈ ভোগদৈত জাপ দিলে মাতৃয়ে

2026-08-02 3 Dailymotion

যোৰহাট : বানবিধস্ত পশ্চিম যোৰহাটৰ শলমৰাত দেওবাৰে এক কৰুণ ঘটনা সংঘটিত হয় ৷ পশ্চিম যোৰহাটৰ মালৌপাম অঞ্চলৰ এগৰকী মহিলাই ডেৰবছৰীয়া সন্তানসহ ভৰা ভোগদৈত জাপ দিয়ে ৷ এই খবৰ পোৱাৰ লগতে লগতে ভোগদৈত SDRF বাহিনীৰ লগতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে ৷ বাতৰি লিখা পৰলৈকে উদ্ধাৰকাৰী দলে মহিলাগৰাকী বা শিশুটিৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ৷

ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী মহিলাই কয়, ‘‘পাৰিবাৰিক কন্দলৰ বাবেই মহিলাগৰাকীয়ে নিজৰ ডেৰবছৰীয়া সন্তানটিক লগত লৈ এই চৰমপন্থা বাচি লৈছে ৷ কাৰণত পূৰ্বতেও তেওঁলোকৰ ঘৰত হায়-কাজিয়া হৈ থাকে ৷ আমি স্থানীয় ৰাইজ গৈ বহুবাৰ কাজিয়া ভাঙিছিলো ।’’ লক্ষ্যণীয় যে ভোগদৈত বৰ্তমান সোঁতৰ হাৰৰ লগতে জলস্তৰ বৃদ্ধি পাই আছে ৷ সেয়েহে ভোগদৈৰ সোঁতে মহিলাগৰাকীক বহুদূৰলৈ উটুৱাই লৈ নিয়াৰ সন্দেহ কৰা হৈছে ৷

লগতে পঢ়ক : বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে মহানগৰীৰ ৰাজপথত গৰিমা শইকীয়া গাৰ্গসহ সুৰ বাহিনী

লগতে পঢ়ক : বানপীড়িতৰ বাবে ২১ কোটি টকাৰ অনুদান নীতা আম্বানীৰ; মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা প্ৰকাশ