Surprise Me!

জীয়াঢলৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বৈদ্যুতিক পৰিবাহী তাঁৰৰ খুঁটা, ধেমাজিত হাহাকাৰ

2026-08-02 2 Dailymotion

ধেমাজি : পুনৰ বৃদ্ধি পালে জীয়াঢল নদীৰ জলস্তৰ । কেমেৰা সন্মুখতে পানীত উভালি পৰিল বৈদ্যুতিক পৰিবাহী তাঁৰৰ খুঁটা ৷ উল্লেখ্য যে, অৰুণাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে পুনৰ বৃদ্ধি পাইছে জীয়াঢল নদীৰ জলস্তৰ । শনিবাৰৰ পৰা জীয়াঢল নদীৰ জলস্তৰ ফেনে ফুটুকাৰে বৃদ্ধি পোৱাত ধেমাজিৰ বালিচাপৰি, কমলপুৰ, ধৰ্মপুৰ অঞ্চলৰ ৪৪টা পৰিয়ালৰ মুঠ ১৫৮গৰাকী লোক বানৰ কবলত পৰিছে ৷

ইফালে অনিমা হাজৰিকা নামৰ বৃদ্ধাগৰাকী পকী বাসগৃহটো জীয়াঢলৰ বাঢ়নী পানীয়ে খহাই নিয়ে । দেওবাৰে পুৱা পানী কমিছিল যদিও দুপৰীয়াপৰা পুনৰ জীয়াঢল নদীৰ বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ লৈছে ধেমাজিত । যাৰ বাবে কেমেৰাৰ সন্মুখতে উচ্চ বিদ্যুতৰ পৰিবাহী তাঁৰৰ খুঁটাও উভালি পৰে পানীত ৷ অৱশ্যে সেই সময়ত বিদ্যুত সেৱা কৰ্তন কৰাৰ বাবে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল অঞ্চলবাসী ৷

লগতে পঢ়ক : বানাক্ৰান্তৰ সাহাৰ্যৰ বাবে মহানগৰীৰ ৰাজপথত গৰিমা শইকীয়া গাৰ্গসহ সুৰ বাহিনী