হাফলং : বানপীড়িত জিলাকেইখনক বাদ দি দেওবাৰৰ পৰা ৰাজ্যত আৰম্ভ হৈছে ডিজিটেল স্ব-গণনা কাৰ্যসূচী ৷ ভাৰতৰ জনগণনা ২০২৭ৰ অংশ হিচাপে দেওবাৰৰ পৰা আৰম্ভ হোৱা ডিজিটেল স্ব-গণনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই ৷ জিলা প্ৰশাসনে জনোৱা মতে, ২-১৬ আগষ্টলৈ চলিবলগীয়া এই স্ব-গণনা ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে নিজৰ পৰিয়াল আৰু ব্যক্তিগত তথ্য অনলাইন যোগেদি সহজে আৰু সুৰক্ষিতভাৱে দাখিল কৰিব পাৰিব ।
ডিমা হাছাও জিলা প্ৰশাসন আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে সকলো নাগৰিকক সময়মতে এই ডিজিটেল স্ব-গণনা প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰি জনগণনা ২০২৭ সফল কৰাৰ বাবে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে । উল্লেখ্য যে, স্ব-গণনা সম্পন্ন কৰিবলৈ নাগৰিকসকলে চৰকাৰৰ অফিচিয়েল প'ৰ্টেল https://se.census.gov.in ত প্ৰৱেশ কৰি প্ৰয়োজনীয় তথ্য পূৰণ কৰিব পাৰিব ।
লগত পঢ়ক: অখিল গগৈৰ কথাত গুৰুত্ব নিদিয়ে চৰকাৰে : মন্ত্ৰী পীযুষ হাজৰীকা