বঙাইগাঁও : উত্তৰ শালমাৰাৰ ব্যৱসায়ী আব্দুল মতিন শ্বেখে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলক প্ৰায় ৬৫ হাজাৰ টকাৰ নতুন বস্ত্ৰ যোগানৰ ব্যৱস্থা কৰিছে ৷
মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই সাহায্য সামগ্ৰীখিনি বানপীড়িত লোকসকলৰ মাজত বিতৰণৰ বাবে শ্বেখে বঙাইগাঁও আছু আৰু প্ৰেছ ক্লাবৰ হাতত বস্ত্ৰখিনি অৰ্পণ কৰে ৷
আব্দুল মতিন শ্বেখে কয়, "দুৰ্যোগৰ সময়ত জাতি-ধৰ্ম-বৰ্ণৰ ঊৰ্ধ্বত উঠি অসহায় মানুহৰ কাষত থিয় দিয়াটোৱেই সকলোৰে নৈতিক দায়িত্ব ।" সমাজৰ প্ৰতিজন সক্ষম ব্যক্তি আৰু ব্যৱসায়ীক নিজৰ সামৰ্থ অনুসৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈও তেওঁ আহ্বান জনায় ।
উল্লেখ্য যে, ৰাজ্যত বানত এই পৰ্যন্ত ৮৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭খন জিলাৰ ১.২৮ লাখৰো অধিক লোক বৰ্তমানো বানৰ কৱলত পৰিছে ৷
লগতে পঢ়ক : আজি আহি আছে নাড্ডা, বানৰ উহ বিচাৰি যাব অৰুণাচল-নাগালেণ্ডলৈও : মৃতকৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি