শিৱসাগৰ : মঙলবাৰে শিৱসাগৰত এককাল পানীত নামি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ ল'লে। প্ৰথমে শিৱসাগৰত উপস্থিত হৈ অসম এনাৰ্জী ইনষ্টিটিউটত বান সাহাৰ্য প্ৰদান কৰাৰ পাছত পানবেচা অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী শৰ্মাই ।
বিধায়ক অখিল গগৈৰ অনুৰোধত শিৱসাগৰ ছোৱালী কলেজ আৰু ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে ৷
এককাল পানীত সোমাই মুখ্যমন্ত্ৰী গৰাকীয়ে বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে ছোৱালী আৱাসৰ পৰিস্থিতি পৰিদৰ্শন কৰে ৷
ইয়াৰ লগতে তেওঁ ক্ষতি হোৱা সকলো সামগ্ৰী মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ইফালে মুখ্যমন্ত্ৰীয়ে এককাল পানীত নামি বিদ্যালয়-মহাবিদ্যালয়ৰ পৰিদৰ্শন কৰা কাৰ্যক বিধায়ক গগৈয়ে প্ৰসংশা কৰে লগতে মুখ্যমন্ত্ৰীক এজন কৰ্মোদীপ্ত মুখ্যমন্ত্ৰী বুলি প্ৰশংসা কৰে । এনে মুখ্যমন্ত্ৰী দ্বিতীয়জন নোলাব বুলি বিধায়ক অখিল গগৈয়ে উল্লেখ কৰে ৷
লগতে পঢ়ক : চৰাইদেউ জিলাত ১০ আগষ্টলৈকে গৰম বন্ধৰ সময় বৃদ্ধি কৰা হৈছে: ৰণোজ পেগু