টীয়ক : পুনৰ বিপদ বাঢ়িছে টীয়কৰ কাকজানবাসীৰ ৷ মঙলবাৰে নিশা কাকজান নদীৰ বাঢ়নী পানীত ডুব গ'ল প্ৰায় ১৫০ টা পৰিয়ালৰ বাসগৃহ ৷ সেয়ে আতংকিত হৈ পৰিছে ৰাইজ, উপায়ন্তৰ ৰাইজে পুনৰ পথৰ ওপৰত আশ্ৰয়শিবিৰ নিৰ্মাণ কৰি বসবাস কৰিবলগীয়া হৈছে ৷ ইফালে বুধবাৰে কাকজান নদীৰ বাঢ়নী পানীত ডুব গৈছে টীয়কৰ ৰাষ্ট্ৰীয় ঘাইপথ ৷
উল্লেখ্য যে, ১৯ জুলাইত হোৱা বিভীষিকাময় বান শুকোৱাৰ পাছত ঘৰ দুৱাৰ চাফ-চিকুণ কৰি ঘৰখনত সোমাইছিল তেনেতে মঙলবাৰে নিশা কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে ১৫০ টা পৰিয়ালৰ বাসগৃহ ৷
এই সন্দৰ্ভত বন্যাৰ্তই কয়,"আমাৰ ইয়াত পানী ওলাই যোৱাৰ কোনো পথ নাই । চাৰিলেনযুক্ত পথ নিৰ্মাণৰ সময়ত যি কালভাৰ্ট নিৰ্মাণ কৰিলে সেয়া বিসংগতি হৈছে । ইপিনে কাকজান নদীৰ মথাউৰি তিনি ঠাইত চিগাৰ ফলতে বাৰে বাৰে এই অসুবিধা সৃষ্টি হৈছে । আমি চৰকাৰক আহ্বান জনাইছো সোনকালে কাকজান নদীৰ মথাউৰি মেৰামতি কৰক আৰু চাৰিলেনযুক্ত পথৰ বিসংগতি দূৰ কৰি পানী নিষ্কাষণৰ সু-ব্যৱস্থা কৰক।"
লগতে পঢ়ক: বান বিধ্বস্ত শিৱসাগৰৰ নেপালীখুঁটিত বন্যাৰ্তৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী জেপি নাড্ডা