মঙলদৈ : ড্ৰাগছ বিৰোধী অভিযানত দৰং আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিছে । মঙলবাৰে মঙলদৈৰ বেজপাৰাত আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ।
ঘটনা সন্দৰ্ভত ৩ জন লোককো আৰক্ষী আটক কৰিছে । জানিব পৰা মতে এখন বিলাসী বাহনত অনা হৈছিল ড্ৰাগছখিনি । আৰক্ষীয়ে তালাচী চলাই থকাৰ সময়তে অভিযুক্তই বাহনখনেৰে পলায়নৰ চেষ্টা কৰিছিল ।
কিন্তু সেই সময়ত AS-০১-GV-২৬৯৯ নম্বৰ বাহনখন দুৰ্ঘটনাত পতিত হয় । লগে লগে আৰক্ষীয়ে বাহনখন জব্দ কৰি ড্ৰাগছ আৰু নগদ ২ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
এই সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত গৌৰৱ গোস্বামীয়ে কয়, "বাহনখনৰ পৰা উদ্ধাৰ হোৱা সন্দেহযুক্ত ড্ৰাগছখিনিৰ মূল্য ২০ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে । বাহনখনৰ পৰা অৰুণাচলৰ পঞ্জীয়নভুক্ত দুখন নম্বৰ প্লেটো উদ্ধাৰ কৰা হৈছে । ধৃত লোককেইজন ইউছুফ আলী, সঞ্জীৱ কলিতা আৰু হবিবুৰ ৰহমান ।" আৰক্ষীয়ে জনোৱা মতে ধৃত লোককেইজনক সম্প্ৰতি জেৰা চলাই থকা হৈছে ।
লগতে পঢ়ক :
কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত ২৮ কোটি টকাৰ ড্ৰাগছ জব্দ