‘‘বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ কথা কয়, তেনে মানুহ লাজত ডুবি মৰা উচিত । সহায়-সাহায্য আগবঢ়োৱা অধিকাংশ লোক সংখ্যালঘু সম্প্ৰদায়ৰ হ'লেও সেই সাহায্য সকলো সম্প্ৰদায়ৰ বানাক্ৰান্ত লোকৰ বাবেই আগবঢ়োৱা হৈছে । এয়া ভাৰতৰ সভ্যতা । আমি ভাই-ভাই হিচাপে থাকো । এনেদৰে সম্প্ৰীতি অটুট থাকিব ।’’ বান পৰিস্থিতিৰ সন্দৰ্ভত ধুবুৰীত বুধবাৰে বদৰুদ্দিন আজমলে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে ৷