Surprise Me!

বানাক্ৰান্ত ৰাইজে কোনো অসুবিধা নোপোৱাকৈ সকলোবোৰ ব্যৱস্থা কৰা হ'ব: স্বাস্থ্যমন্ত্ৰীৰ আশ্বাস

2026-08-06 0 Dailymotion

নাজিৰা: "প্ৰয়োজন সাপেক্ষে পঞ্চায়তে, পঞ্চায়তে বিশেষ স্বাস্থ্য শিবিৰ প্ৰদান কৰা হ'ব, বানাক্ৰান্ত ৰাইজে কোনো অসুবিধা নোপোৱাকৈ সকলোবোৰ ব্যৱস্থা কৰা হ'ব ।"-বৃহস্পতিবাৰে নাজিৰাত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে এই মন্তব্য কৰে । ১৯ জুলাইত হোৱা প্ৰলয়ংকাৰী বানে চাৰিওফালে তথৈবচ কৰাৰ পাছতে বানাক্ৰান্ত লোকসকলৰ মাজত জ্বৰ, চৰ্দি আদি ৰোগে দেখা দিয়া পৰিলক্ষিত হৈছে । বানপানীৰ ফলত যাতে অঞ্চলটোত কোনোধৰণৰ মহামাৰীৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন প্ৰান্তত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছে ।  

শিৱসাগৰ জিলাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনত বানাক্ৰান্ত ৰাইজৰ বাবে অনুষ্ঠিত হোৱা বিনামূলীয়া বিশেষ স্বাস্থ্য শিবিৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহল উপস্থিত হয় । এই শিবিৰত উপস্থিত হৈ প্ৰতিটো বিভাগৰে ২৬ ৰ পৰা ৩০ জনলৈকে চিকিৎসক নিয়োগ কৰাৰ কথা স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । বহুকেইটা পৰিয়ালত বিভিন্ন ৰোগে দেখা দিয়াৰ পাছতে বৰ্তমান অসম চৰকাৰৰ স্বাস্থ্য বিভাগ যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: অসমত তিনি বছৰৰ বানে কাঢ়িলে ২৩১ জনৰ প্ৰাণ, কৃষিভূমিৰ বিস্তৰ ক্ষতি

বানত গৃহহাৰা বন্যাৰ্তক নতুনকৈ এখন ঘৰ সাজি দিবলৈ সাজু লেবাংকুলাবাসী