Surprise Me!

বান পৰিস্থিতিৰ বুজ ল’বলৈ আহি হঠাতে কিয় খং উঠিল মন্ত্ৰীৰ ?

2026-08-10 0 Dailymotion

চামগুৰি : নিজ সমষ্টিৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি মন্ত্ৰী কেশৱ মহন্তৰ খং উঠিল । দেওবাৰে চামগুৰিৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰ সমষ্টিৰ ভোমোৰাগুৰিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ স্থানীয় বিধায়ক তথা মন্ত্ৰীগৰাকী উপস্থিত হৈছিল । বান পৰিস্থিতিৰ বুজ ল’বলৈ গৈ মন্ত্ৰী কেশৱ মহন্তই বান সাহাৰ্য আৰু চৰকাৰী ব্যৱস্থা সম্পৰ্কে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাৰ সময়ত অস্বস্তিত পৰে ।

সেই সময়তেই বানাক্ৰান্তই সাহাৰ্য নোপোৱা বুলি সাংবাদিকে অভিযোগ উত্থাপন কৰাত সাংবাদিকগৰাকীৰ লগত মন্ত্ৰীৰ কথাৰ কটাকটি হয় । পৰ্যাপ্ত পৰিমাণে বান সাহাৰ্য নোপোৱা বুলি বানাক্ৰান্ত ৰাইজে কৰা অভিযোগক লৈ সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হোৱাত মন্ত্ৰীগৰাকী অগ্নিশৰ্মা হৈ পৰে ।

উত্থাপিত অভিযোগ খণ্ডন কৰিবলৈ গৈ সাংবাদিকৰ সৈতে একেলগে উপস্থিত হৈ এই সম্পৰ্কে বানাক্ৰান্তক প্ৰশ্ন কৰে । মহিলাগৰাকীৰ ঘৰত বানপানী নুঠা সত্বেও এইদৰে অভিযোগ উত্থাপন কৰাত মন্ত্ৰীগৰাকীয়ে কেমেৰাৰ সন্মুখতেই বিষয়টো স্পষ্ট কৰি দিয়ে । অৱশেষত মন্ত্ৰীগৰাকীয়ে বানাক্ৰান্ত ৰাইজে পৰ্যাপ্ত পৰিমাণে বান সাহাৰ্য লাভ কৰিব বুলি আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক:ৰাজ্যত অব্যাহত বানৰ সংহাৰ; শতকৰ ঘৰ অতিক্ৰম কৰিলে মৃতকৰ সংখ্যাই, ১.৪ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ভয়াৱহ বান পৰিস্থিতিৰ মাজতে অভাৱনীয়ভাৱে বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম