Surprise Me!

কাছাৰত ১৩ কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ, ১ জনক গ্ৰেপ্তাৰ আৰক্ষীৰ

2026-08-11 2 Dailymotion

শিলচৰ : কাছাৰ জিলাত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান ৷ সোমবাৰে গোপন সূত্ৰৰ পম খেদি শ্ৰীভূমি, কাছাৰ আৰক্ষী আৰু ৩৮ আসাম ৰাইফলচৰ এক যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় সামাগ্ৰী জব্দ কৰে ৷ জব্দকৃত সামগ্ৰীখিনি মূল্য প্ৰায় ১৩ কোটি হ'ব বুলি জানিব পৰা গৈছে ৷

এই সন্দৰ্ভত শ্ৰীভূমি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে কয়,"গোপন খবৰৰ ভিত্তিত কাছাৰৰ বদৰপুৰ এখন বাহনৰ পৰা ৮.২২৪ কিঃগ্ৰাম মাৰাত্মক নিচাজাতীয় সামগ্ৰী জব্দ কৰা হয় ৷ জব্দ কৰা সামগ্ৰীখিনি আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ১৩ কোটি টকাৰ হ'ব ৷ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বদৰপুৰ ঘাটৰ সমীপৰ পাঁচগ্ৰাম অঞ্চলৰ দোলা ৰজা নামৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷"

তেওঁ লগতে কয়,"এই সন্দৰ্ভত বদৰপুৰ আৰক্ষী চকীত এনডিপিএছ আইনৰ অধীনত ১০৬/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে । গোচৰত এনডিপিএছ আইনৰ ২১(চি)/২৫ ধাৰা সন্নিৱিষ্ট কৰা হৈছে ।"

লগতে পঢ়ক: সৰ্বস্ব হেৰুৱাই বন্যাৰ্তৰ চকুলো, ৰ’দত শুকুৱাইছে স্মৃতিবোৰ