ডিব্ৰুগড় : উজনিৰ ভয়ংকৰ বানৰ প্ৰকৃত কাৰণ কি ? বহুতে বিভিন্ন যুক্তি দিছে । একাংশই দাবী কৰিছে যে নাগালেণ্ডত হোৱা প্ৰচুৰ বৰষুণৰ বাবেই উজনিৰ ৪ খন জিলাত মহাপ্ৰলয়ৰ সৃষ্টি হৈছিল । আন একাংশৰ মতে অসম নাগালেণ্ড সীমান্তত বছৰ বছৰ ধৰি চলি থকা অবৈধ শিল আৰু কয়লা খননৰ বাবে বানে ভয়ংকৰ ৰূপ ল'লে । এই অবৈধ খননত অসম চৰকাৰৰ একাংশ মন্ত্ৰী, বিধায়ক জড়িত থকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ ৰাজনৈতিক দল আৰু সংগঠনে । সেইসকলৰ মাজত সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ নামো কিছুমানে লৈছিল । তাৰ মাজতে সমগ্ৰ বিষয়টোত প্ৰথমবাৰৰ বাবে মুখ খুলিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
সাংবাদিকৰ আগত তেওঁ কয়, "এইটো এটা ব্যৱসায় । যিটো নহ'লে ভাৰতৰ উদ্যোগসমূহ নচলে । আজিৰ দিনতহে গেছ হৈছে আগতে ৰে'ল, গাড়ী কয়লাতেই চলিছিল । অমূলক কিছুমান কথা ৰাজনৈতিকভাৱে চলিছে । মানুহৰ উত্থানক বিসংগতি কৰিবলৈ কিছুমান বিৰোধী দলে এনেকুৱা কথা কয় । যিসকলে কৈছে তেওঁলোকে দুদিনমান আগলৈকে আমাৰ পৰাই পইচা বিচাৰিছিল নিদিয়াটো দোষ হ'ল । যিবোৰ কথা ওলাইছে ১ শতাংশও সঁচা নহয় । এইবাৰ নাগালেণ্ডত কোনো দিনেই নোহোৱা বৰষুণ দিছে । সেই কথা নাগালেণ্ড প্ৰশাসনে স্পষ্ট কৰি দিছে । যিবিলাক সংগঠনে শিল আৰু কয়লা খননৰ বাবে এই বান হৈছে বুলি কৈ আছে সেই সংগঠন বিলাকেই ছিণ্ডিকেটৰ সৈতে জড়িত । ছিণ্ডিকেট কৰি খাই থকা সংগঠনৰ নেতাই আমাৰ পৰা এতিয়া একো নোপোৱাৰ বাবে এই বিলাক কথা কৈছে । ছিণ্ডিকেট কৰি খাই থকা নেতাবিলাকৰ প্ৰমাণ লাগিলে দিব পাৰিম । উজনিৰ ৪ জিলাৰ বান প্ৰকৃতিসৃষ্ট বান । কয়লা আৰু শিলৰ ছিণ্ডিকেটৰ কথা কৈ থকা কিছুমান দল-সংগঠন আৰু ব্যক্তিয়ে ইয়াৰ সুযোগ লৈ কোটি কোটি টকা সংগ্ৰহ কৰিছে ।"
লগতে পঢ়ক :
বানপীড়িতৰ কাষত পাপন: পত্নী শ্বেতা মিশ্ৰৰ সৈতে শিৱসাগৰত সাহায্য বিতৰণ