টীয়ক: পবিত্ৰ শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ পৰা সমগ্ৰ ৰাজ্যৰ সত্ৰৰ লগতে নামঘৰসমূহত মাহজোৰাকৈ আৰম্ভ হৈছে নাম প্ৰসংগ । পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ নৃসিংহ মহাপ্ৰভুখ্যাত মইনাপৰীয়া নামঘৰতো মঙলবাৰে সংক্ৰান্তিৰ দিনাৰে পৰাই অনুষ্ঠিত হৈছে নাম প্ৰসংগ ।
পুৱাৰে পৰা নামঘৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱৰ সমাগম ঘটিছে । এই সন্দৰ্ভত নামঘৰ পৰিচালনা সমিতিৰ সভাপতি জীৱন চন্দ্ৰ বৰকোচে কয়,"পূৰ্বৰ পৰম্পৰা অনুসৰি এই বছৰো মইনাপৰীয়া নামঘৰত আমি পবিত্ৰ ভাদ মাহৰ মাহজোৰা নাম প্ৰসঙ্গ ক্রমে পুৱা ৭ বজাত প্ৰাতঃ প্রসংগ, দিনৰ ১১ বজাত মধ্যাহ্ন প্ৰসংগ,নিশা ৮ বজাত সন্ধ্যা প্ৰসংগ আৰু ভাগৱত পাঠৰ আয়োজন কৰিছো ।"
তেওঁ আৰু কয়, "অহা ১৭ ছেপ্টেম্বৰত পুৱা ৯ বজাৰ পৰা অহোৰাত্ৰ পালনাম আৰু ১৮ ছেপ্টেম্বৰত বৰ সবাহ আৰু নিশালৈ ‘নৃসিংহ যাত্ৰা’ ভাওনাৰে মাহজোৰা নামৰ সামৰণি পৰিব । আমি আমাৰ নামঘৰলৈ অহা প্ৰতিজন ভকত বৈষ্ণৱক আদৰিবলৈ সম্পূৰ্ণ প্ৰস্তুতি চলাই আছো । গাড়ী ৰখা ঠাই,যাতায়ত আদিৰ ক্ষেত্ৰত জিলা প্ৰশাসনে আমাক সহযোগিতা আগবঢ়াইছে ।"
লগতে পঢ়ক:লক্ষাধিক ভকত-বৈষ্ণৱক আদৰিবলৈ সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ
হুইল চেয়াৰত বহিয়েই ৰচনা কৰা শতাধিক কবিতা, গীত উটুৱাই নিলে বলিয়া বানে
পূৰ্ণশিল্পম্ত প্ৰাণ পাই উঠিছে অসমৰ মুখা, গুৰু আসন, জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিয়ে