মৰাণ: নৱম শ্ৰেণীৰ ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণ কৰা ঘটনাই ডিব্ৰুগড়ত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে । ডিব্ৰুগড় জিলা মৰাণৰ ডোমৰ দলঙত মঙলবাৰে নিশা এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক দুজন যুৱকে অপহৰণ কৰি নি ধৰ্ষণ কৰা ঘটনা সংঘটিত হৈছিল । ঘটনা পোহৰলৈ অহাৰ পাছতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । পৰিয়ালৰ এজাহাৰৰ ভিত্তিত অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰে মৰাণ আৰক্ষীয়ে ।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাই তিনিজনকৈ যুৱকক আটক কৰে । মৰাণ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ 140(4)/70(2)/123 আৰু POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত তিনিওকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । ধৃত যুৱক তিনিজন হৈছে মৰাণ ফটিকাছোৱা ইকৰাণীৰ সমীৰণ কোঁচ, জয়দ্বীপ কোঁচ আৰু বৰবৰুৱা চাংমাই গাঁৱৰ ৰৌণকজ্যোতি চাংমাই ।
উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া প্ৰায় ৭-৩০ বজাত নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ঘৰৰ সমুখৰ পৰাই অপহৰণ কৰি নি পথাৰৰ কাষৰ এটা পুখুৰীৰ পাৰত যৌন আতিশায্য চলায় দুজন যুৱকে । প্ৰথম অৱস্থাত বাধা প্ৰদান কৰা ছাত্ৰীগৰাকীৰ দেহত চেতনা নাশক বেজী দি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল পৰিয়ালৰ লোকে ।
পৰিয়ালৰ এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে অভিযান চলাই মৰাণৰ এটা ভাৰাঘৰৰ পৰা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত সমীৰণ কোঁচ, সমীৰণৰ জ্যেষ্ঠ ভাতৃ জয়দ্বীপ কোঁচ আৰু ৰৌণকজ্যোতি চাংমাইক আটক কৰে । জানিব পৰা মতে ঘটনা সংঘটিত কৰি জয়দ্বীপ কোঁচৰ ভাৰাঘৰত আশ্ৰয় লৈছিল কণিষ্ঠ ভাতৃ সমীৰণ কোঁচ আৰু ৰৌণকজ্যোতি চাংমাইয়ে । আৰক্ষীয়ে অভিযানৰ সময়ত ভাৰাঘৰটোৰ পৰা বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ।
পঢ়ক: যুৱতীৰ ৰহস্যজনক মৃত্যু: আৰক্ষীৰ জালত আৰু এজন