শিৱসাগৰ: "অখিল গগৈৰ ৰাজনৈতিক বক্তব্যই সকলো সীমা অতিক্ৰম কৰিছে ।" শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত অসম ৰাজ্যিক বিজেপিৰ সম্পাদক তথা শিৱসাগৰ জিলা বিজেপিৰ প্ৰভাৰী লক্ষ্য কোঁৱৰে এইদৰে মন্তব্য় কৰে । জৰুৰীকালীন বান পৰিস্থিতিৰ মাজত হোৱা ৰাজনৈতিক ক্ৰিয়া-প্ৰতিক্ৰিয়াক লৈ সম্বোধন কৰা সংবাদমেলত কোঁৱৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ এইদৰে মন্তব্য় কৰে ।
ৰাজ্যিক বিজেপিৰ সম্পাদকগৰাকীয়ে কয়, "অখিল গগৈয়ে বিমল বড়া আৰু সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে কটু-নিন্দনীয় কথা বাৰ্তা কৈ পৰিৱেশ নষ্ট কৰিছে । তেওঁ বানত সকলোতকৈ বেছি আক্ৰান্ত নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোঁহাইকো বিভিন্ন ধৰণৰ কথাৰে আক্ৰমণ কৰিছিল ।"
আনহাতে বৃহস্পতিবাৰে সংবাদমেলত বিধায়ক গগৈয়ে বানত বিধ্বস্ত বিদ্যালয় নিৰ্মাণৰ বাবে অহা পুঁজিক লৈ বিজেপিৰ সদস্যই দালালি কৰিলে 'পিটন' দিয়া হ'ব বুলি কৰা মন্তব্য়ক তীব্ৰ গৰিহণা দি কয়, "এয়া এজন জনপ্ৰতিনিধিৰ ভাষ্য হ'ব নোৱাৰে । বিজেপিত দালাল নাই, বৰঞ্চ দালাল ৰাইজৰ দলত আছে । যি সময়ত ৰাইজৰ দলৰ নেতৃত্বই শিল-কয়লা খননক সমালোচনা কৰিছিল; এতিয়া সেইসকলেই এই ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে । গতিকে দালাল কোন ৰাইজে বুজি পাইছে ।"
ৰাজ্যিক বিজেপিৰ সম্পাদক কোঁৱৰে অখিল গগৈৰ এই ভাষ্যক প্ৰত্যাহ্বান জনাই ইয়াক প্ৰত্যাহাৰ কৰি ক্ষমা খোজাৰ দাবী উত্থাপন কৰি কয়, "কয়লা আৰু শিলৰ ছিণ্ডিকেটত বিজেপি দলৰ কোনো নেতা-কৰ্মী জড়িত নহয়, এয়া মাত্ৰ উৰাবাতৰিহে ।" আনহাতে বানৰ পাছত চৰকাৰে ঘোষণা কৰা তৎকালীন সাহৰ্য ৩০ আগষ্টত শেষ হ'বলগীয়া জৰীপৰ পাছত সকলোৱে লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে ।
লগতে পঢ়ক:শ্বেতপত্র প্রকাশ কৰক চৰকাৰে; কাজিৰঙাৰ সুৰক্ষাৰে আপোচ নচলিব : সদৌ অসম ছাত্র সন্থা
কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল এলেকাৰ পৰিসৰ বাঢ়িলে তাৰ মানুহবোৰ কেনেকৈ চলিব ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন