যোৰহাট: ‘‘হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতি কৰে টকাৰ বাবে আৰু আমাৰ ৰাজনীতি হৈছে অসমৰ জনসাধাৰণৰ সেৱা অৰ্থে । অসম ৰাইজে সৃষ্টি কৰিব নতুন বৰ অসম ৷ সকলোৰে বাবে আমি কাম কৰি যাম ৷’’ যোৰহাট সমষ্টিত প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰি এই মন্তব্য গৌৰৱ গগৈৰ । লগতে তেওঁ কয়, ‘‘‘আমাৰ প্ৰাৰ্থী সুনীল চেত্ৰী, বিদিশা নেওগ, মীৰা বৰঠাকুৰৰ ওপৰত যেতিয়া আক্ৰমণ কৰে তেতিয়া অসম আৰক্ষীয়ে কোনো ব্যৱস্থা নলয় আৰু সংবাদমেল দিলেই আমাৰ মুখপাত্ৰৰ ওপৰত ব্যৱস্থা ল’বলৈ যায় ৷ এয়া স্বৈৰতন্ত্ৰৰ বাহিৰে একো নহয় । মঙলবাৰে যোৰহাট সমষ্টিত বৃহৎ সংখ্যক লোকক লগত লৈ সমষ্টিৰ চুকে-কোণে ব্যাপক প্ৰচাৰ অভিযান চলায় যোৰহাট সমষ্টিৰ বিৰোধী ঐক্য তথা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী গৌৰৱ গগৈয়ে ।
লগতে পঢ়ক:
প্ৰচাৰৰ শেষৰটো দিনত বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন মঙলদৈৰ বহুকেইগৰাকী প্ৰাৰ্থীৰ