Surprise Me!

অথন্তৰ ! দুৰ্ঘটনাত পতিত কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ ৰেলীত অংশগ্ৰহণ কৰা বাহন, আহত ১৮ জন

2026-04-07 1 Dailymotion

নগাঁও: অঘটন ! মঙলবাৰে কংগ্ৰেছ প্ৰাৰ্থী নুৰুল হুদাৰ ৰেলীত অংশগ্ৰহণ কৰা এখন বাহন দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে, নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা কংগ্ৰেছৰ ৰেলীত অংশগ্ৰহণ কৰা কংগ্ৰেছ কৰ্মী কঢ়িওৱা বাহনখন দুৰ্ঘটনাত পতিত হয় ৷ দুৰ্ঘটনাত বৰ্তমানলৈকে ১৮ জনকৈ লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷

অভিযোগ অনুসৰি, কোনো নীতি-নিয়ম নামানি ৰাজনৈতিক ৰেলীৰে শক্তি প্ৰদৰ্শনৰ অভিযোগ উত্থাপিত হৈছে কংগ্ৰেছ কৰ্মীৰ বিৰুদ্ধে ৷ যাৰ ফলত ৰূপহীহাটৰ ফুটালজাৰত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷ উল্লেখ্য যে, কংগ্ৰেছ কৰ্মী কঢ়িয়াই নিয়া বহানখন নিয়ন্ত্ৰণ হেৰুৱাই দ-খাৱৈত বাগৰি পৰে ৷ দুৰ্ঘটনাত আহত লোক কেইজনক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰা হৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে ৷

ইতিমধ্যে দুৰ্ঘটনাত আহতসকলৰ পৰিচয় উদ্ধাৰ কৰা হৈছে ৷ সেইসকল হৈছে মোকছেদুল হক, কবিৰ আহমেদ, হুছেইন আলী, সাজিবুৰ ৰহমান, মশ্বাৰফ হুছেইন, মুজিবুৰ ৰহমান, আনাৰুল ইছলাম, তাজমূল হক, মফিদুল ইছলাম, ৰকিবুল হক, আজিবুৰ ৰহমান, কবিল উদ্দিন, সাৰজাহান, মোশ্বাহিদুল আলম, হামিদুল ইছলাম, ৰফিকুল ইছলাম আৰু জহিৰুল ইছলাম।

লগতে পঢ়ক: অন্ত পৰিল অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ পৰ্ব: ৯ এপ্ৰিলত ৰায় দিব জনতাই