বাক্সা : ভোটযুদ্ধলৈ সাজু হৈছে ভোটাৰ ৷ সমান্তৰলকৈ সাজু হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী সকলো ৷ বুধবাৰে নিৰ্বাচনী বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে নিজা নিজা ভোটকেন্দ্ৰলৈ ৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া ভোটগ্ৰহণ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে ৷ ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে বাক্সা জিলাৰ দুটা সমষ্টিৰ বাবে নিৰ্বাচনী বিষয়া কৰ্মচাৰীসকল ৰাওনা হৈছে নিজা নিজা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৷
বাক্সা জিলাত সৰ্বমুঠ ৫০২ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷ ইয়াৰে বাক্সা সমষ্টিত মুঠ ২৫৮ টা ভোট গ্ৰহণ কেন্দ্ৰ আৰু মানস সমষ্টিত ২৪৪ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ৷ উল্লেখ্য যে, নৱগঠিত ৪২ নং বাক্সা বিধানসভা সমষ্টিত মুঠ ২,০২,১৫০ গৰাকী ভোটাৰ বিপৰীতে মানস সমষ্টিত মুঠ ২,০ ৬,৩৯৯ গৰাকী ভোটাৰ আছে ৷
লগতে পঢ়ক: শদিয়া সমষ্টিত প্ৰাক-নিৰ্বাচনী হিংসা : দুৰ্বৃত্তই পেট্ৰ'ল ঢালি জ্বলাই দিলে বিজেপি সমৰ্থকৰ গাড়ী-ভঁড়াল