Surprise Me!

আজি গোঁসাই বিহু; অসমবাসীক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন পীতাম্বৰ দেৱগোস্বামীৰ

2026-04-16 7 Dailymotion

মাজুলী : আজি অসমীয়াৰ সাত বিহুৰ অন্যতম গোঁসাই বিহু ৷ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত পুৱাৰে পৰা এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখা গৈছে ৷ অসমীয়াৰ বাপতি সাহোন বিহুটিক লৈ সমগ্র ৰাজ্যত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে । ঢোল, পেপাৰ মাতত মুখৰিত হৈ পৰিছে ৰাজ্যৰ আকাশ বতাহ । মাজুলীতো ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে ।

ইটিভি ভাৰতৰ যোগেদি, অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়ে । সত্ৰাধিকাৰগৰাকীয়ে কয়, ‘‘আউনীআটী সত্ৰত তিনিদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰা হয় । প্ৰথম দিনা গৰু বিহু, দ্বিতীয় দিনা মানুহৰ বিহু আৰু তৃতীয় দিনা গোঁসাই বিহু পালন কৰা হয় ।’’

তেওঁ লগতে কয়, ‘‘এই বিহুৰ দিনকেইটাত দিনত গায়ন বায়ন, দিহা নাম, হিয়া নাম, নটুৱা আদি পৰিৱেশন কৰা হয় ।’’

লগতে পঢ়ক : পহিলা ব’হাগত অসম সাহিত্য সভাৰ নিজৰ দিন উদযাপন

লগতে পঢ়ক : ঢোলৰ গুমগুমনিত কঁপিল পূব-মৰিগাঁও নগৰ আঞ্চলিক ৰঙালী বিহু সন্মিলন