Surprise Me!

মঙলদৈত আশ্চৰ্যকৰ ঘটনা; গাড়ীৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ বিহুৱা-বিহুৱতী

2026-04-18 1 Dailymotion

মঙলদৈ : পাঠশালাৰ পৰিহৰেশ্বৰ নামৰ বিহু দলটিয়ে দৰঙৰ বিভিন্ন বিহুতলিত বিহু মাৰি মঙলদৈৰ দীঘিৰপাৰত অন্তিমখন বিহু পৰিবেশন কৰি উভতাৰ পথত হঠাৎ প্ৰায় সকলোৱে অচেতন হৈ পৰে । মঙলদৈৰ নিকটৱৰ্তী পিপৰাদোকানত পুৱতি নিশা সংঘটিত হয় এই ঘটনা । পিছত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত অসুস্থ বিহু দলৰ সদস্যকেইজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ।

আনহাতে, চিকিৎসলয়ত বিহু দলটিৰ বনজিৎ নামৰ বিহুৱাজনে তেওঁলোকে শেষৰখন বিহু দীঘিৰপাৰত পৰিৱেশন কৰাৰ পিছত কেইগৰাকীমান সদস্য দুৰ্বল হোৱাৰ বাবে এনেকুৱা হয় বুলি কয় যদিও অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে ।

ইফালে ঘটনা সন্দৰ্ভত এজন প্ৰত্যক্ষদৰ্শী স্থানীয় লোকে কয়, "পিপৰা দোকানৰ পতালসিংপাৰাৰ ৰাস্তাৰ কাষত আমি পুৱা দেখিলোঁ যে এটা বিহু দলে দীঘিৰপাৰত বিহু মাৰি আহি আঁহত গছডালৰ গুৰিত যন্ত্ৰণাত চটফটাই আছে । আমি ওচৰ-চুবুৰীয়া ওলাই আহি আৰক্ষীক খবৰ দিওঁ আৰু ১০৮ মাতি চিকিৎসালয়লৈ পঠিয়াইছো । কি কাৰণত কি হৈছে আমি নাজানো, খাদ্যত বিষক্ৰিয়া হ'ব পাৰে ।"  

উল্লেখ্য যে, বিহু দলটিয়ে ব্যৱহাৰ কৰা AS-18-C-9095 পঞ্জীয়ন নম্বৰৰ 'চিনাকি' নামৰ বাহনখনো হঠাৎ বেয়া হয় । মঙলদৈ আৰক্ষীয়ে বিহু দলটিৰ প্ৰকৃততে কি হৈছিল তাৰ তদন্ত আৰম্ভ কৰিছে ।

মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা বিহু দলটিৰ সদস্যকেইগৰাকী হৈছে সুচিত্ৰা দাস, পাপৰি দাস, হেমন্ত শৰ্মা, ৰাহুল ৰয়, নয়নজ্যোতি দাস, সীমা বড়ো, ৰঞ্জিত হালৈ, সঞ্জয় মেধি, ইছা গোস্বামী, ভাৰ্গৱ ডেকা আৰু দ্বীপজোতি ৰয় । বাকীসকলৰ নাম জানিব পৰা নাই । আৰক্ষীৰ তদন্তৰ পিছতহে জানিব পৰা যাব প্ৰকৃততে বিহু দলটিৰ কি হৈছিল । বাতৰি লিখা পৰলৈকে আৰক্ষীয়েও ঘটনা সন্দৰ্ভত কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক :লতাশিলত বিহুৰ উছাহ: গুৱাহাটীৰ সংগীতা ৰাভাৰ শিৰত ২০২৬ বৰ্ষৰ 'বিহু সম্ৰাজ্ঞী'ৰ মুকুট