Surprise Me!

পানীত ডুব গৈছে এজন, আই আই টি গুৱাহাটীত ভাৰতীয় সেনাবাহিনীৰ উদ্ধাৰ অভিযান

2026-04-18 3 Dailymotion

উত্তৰ গুৱাহাটী : নদীৰ মাজত এজন অসহায় লোক । পানীৰ মাজত ককবকাই থকা লোকজন যিকোনো মুহূৰ্তত ডুব যাব পানীত । সহায়ৰ বাবে চিঞৰিছে লোকজনে । কিন্তু নদীৰ মাজত আবদ্ধ লোকজনক উদ্ধাৰ কৰিব কোনে ? এই খবৰ লাভ কৰিয়েই ঘটনাস্থলীত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰে লোকজনক ৷

এয়া আচলতে ভাৰতীয় সেনাবাহিনীৰ এক সজাতামূলক প্ৰদৰ্শনীহে । পানীৰ মাজত আবদ্ধ লোকক কিদৰে সুৰক্ষিতভাৱে উদ্ধাৰ কৰিব পাৰি সেই সন্দৰ্ভত দেওবাৰে আই আই টি গুৱাহাটীৰ পুখুৰীত এক মকড্ৰিল ৰূপায়ণ কৰা হয় । ভাৰতীয় সেনা আৰু SDRF, NDRFৰ প্ৰচেষ্টাত "জল ৰাহত" শীৰ্ষক বানপানীৰ সুৰক্ষামূলক এই মকড্ৰিলত পানীৰ মাজত আবদ্ধ লোকক কেনেদৰে উদ্ধাৰ কৰিব পৰা যায়, সেই সন্দৰ্ভত এই প্ৰদৰ্শন কৰা হয় ।

সেনা বিষয়া এগৰাকীয়ে কয়, ‘‘বাৰিষা সমাগত ৷ আমি এই মকড্ৰিল কাৰ্যসূচী ৰূপায়ণ কৰিছো ৷ ইয়াৰ দ্বাৰা সাধাৰণ লোক আৰু শিক্ষাৰ্থীসকল উপকৃত হ’ব ৷’’ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে শেহতীয়াকৈ উদ্ধাৰ কাৰ্যত ড্ৰোণৰো ব্যৱহাৰ কৰিছে বুলি মন্তব্য কৰে সেনা বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক : নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ গৈ উভতি নাহিল শিক্ষক, ৯ দিন ধৰি নাই কোনো সন্ধান

লগতে পঢ়ক : তীব্ৰবেগী বলেৰ’ৰ খুন্দাত নিহত দুজন যুৱক, কাকপথাৰত ৰাইজৰ প্ৰতিবাদ