Surprise Me!

গুৱাহাটীত বন বিভাগৰ অভিযান, উদ্ধাৰ ২০ কেজি ওজনৰ বিৰল প্ৰজাতিৰ কাছ

2026-07-04 1 Dailymotion

গুৱাহাটী: গুৱাহাটী মহানগৰীত বন্যপ্ৰাণী সুৰক্ষা বাহিনীৰ অভিযান । মহানগৰীৰ সমীপৱৰ্তী বোন্দা বজাৰ অঞ্চলত শনিবাৰে পুৱা বন্যপ্ৰাণী সুৰক্ষা বাহিনীৰ অভিযানত এটা বিৰল প্ৰজাতিৰ কাছ উদ্ধাৰ কৰা হয় । বোন্দাৰ এটা পৰিয়ালৰ ঘৰত বস্তাত বান্ধি থৈ দিয়া অৱস্থাত প্ৰায় ২০ কেজি ওজনৰ কাছটো উদ্ধাৰ কৰা হয় । গোপন সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত অভিযানকাৰী দলটোৱে কাছটো জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ এই কাছটোক কাটি বিক্ৰী কৰাৰ পৰিকল্পনা আছিল ৷

জানিব পৰা মতে, এক গোপন সূত্ৰৰ খবৰৰ আধাৰতে বন বিভাগে এই তথ্য লাভ কৰে ৷ তাৰ পাছতে ৰেঞ্জাৰ সঞ্জন জ্যোতি দাসৰ নেতৃত্বত বন্যপ্ৰাণী সুৰক্ষা কৰ্মীৰ এটা দলে উক্ত স্থানত অভিযান চলায় ৷ অভিযানতে এই কাছটো উদ্ধাৰ হয় ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত এগৰাকী মহিলাক আটক কৰি সোধ-পোছ চলাই আছে বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ দলটোৱে । অৱশ্যে তদন্তৰ খাতিৰতে বন বিভাগৰ তৰফৰ পৰা কোনো মন্তব্য প্ৰদান কৰা নাই ৷

লগতে পঢ়ক : গুৱাহাটীত জাল নোটসহ আৰক্ষীৰ জালত বহিঃৰাজ্যৰ তিনি যুৱক