Surprise Me!

ডিষ্টিংশ্যনসহ উত্তীৰ্ণ শিক্ষাৰ্থীক সম্বৰ্ধনা মৰিগাঁও চে'জ পাণিনি পাৱ্লিক বিদ্যালয়ৰ কৰ্তৃপক্ষৰ

2026-04-21 6 Dailymotion

মৰিগাঁও : সদস্য ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ডিষ্টিংশ্যনসহ মৰিগাঁও চে'জ পাণিনি পাৱ্লিক স্কুলৰ আঠগৰাকী শিক্ষাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈ মৰিগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ সদস্য ঘোষিত চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত ডিষ্টিংশ্যনসহ বিদ্যালয়খনৰ আঠগৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হোৱাত উৎফুল্লিত শিক্ষক-শিক্ষয়িত্ৰী ৷ সফলতাৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক মঙলবাৰে সম্বৰ্ধনা জনাই চে'জ পাণিনি পাৱ্লিক স্কুলৰ কৰ্তৃপক্ষই ৷ 

সম্বৰ্ধনা অনুষ্ঠানৰ পাছতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু জ্যোতি ভাগৱতীয় কয়, " বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ সক্ৰিয়তাৰ বাবে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ বিদ্যালয়খনৰ সুসংগঠিত পৰিৱেশ, গুণগত শিক্ষা প্ৰদানৰ প্ৰচেষ্টা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ শৃংখলাবদ্ধ মনোভাৱেই এই সফলতাৰ মূল আধাৰ ৷ ২০০৯ত প্ৰতিষ্ঠা হোৱা চে'জ পাণিনি পাৱ্লিক স্কুলখন মৰিগাঁৱৰ এখন আগশাৰীৰ শিক্ষা মঞ্চলৈ ৰূপান্তৰিত হৈছে ৷"

লগতে পঢ়ক:জাগীৰোডত গোভা তিৱা বিহুৰ উছাহ: থলুৱা গামোচাৰ বিশেষ বিপণি মুকলি