Surprise Me!

হাতত নাই পাঠ্যপুথি ! কিতাপ অবিহনেই নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিব পৰীক্ষাত

2026-06-04 0 Dailymotion

যোৰহাট : ‘‘যি সময়ত ভাৰতৰ অন্য ৰাজ্য ছাত্ৰ-ছাত্ৰী ব্যক্তিগত খণ্ডৰ পৰা চৰকাৰী খণ্ডলৈ আহিছে, ঠিক তেনে সময়তে অসমৰ শিক্ষা ব্যৱস্থাৰ পয়ালগা ছবিয়ে সকলোকে আচৰিত কৰি তুলিছে ৷ আমি পূৰ্বৰে পৰাই কৈ আছো অসমৰ শিক্ষা ব্যৱস্থাত কেৰোণ আছে বুলি ৷ আজি দুমাহ অতিক্ৰম কৰা পাছতো নিম্ন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঠ্যপুথি দিবলৈ অভাৱ ঘটিছে, যদি এনেবোৰ ঘটনা সংঘটিত হৈয়ে থাকে তেতিয়াহ’লে নিশ্চয় ছাত্ৰ-ছাত্ৰীসকল ব্যক্তিগতখণ্ড প্ৰতি আকৰ্ষিত হ'ব ।’’ বৃহস্পতিবাৰে এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি নেতা অৰ্জুনমণি ভূঞাই ৷

‘‘কেন্দ্ৰীয় চৰকাৰে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ সময়তে ৰাজ্যত প্ৰাথমিক স্তৰৰ শিক্ষা পৰ্যায়ত ছাত্র-ছাত্ৰীয়ে পাঠ্যপুথিৰ পৰা বঞ্চিত হৈছে ৷ এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।’’ ভূঞাই কয় ৷

উল্লেখ্য যে, নতুন শিক্ষাবৰ্ষ দুমাহ পাৰ হোৱা পাছতো পূব যোৰহাট শিক্ষাখণ্ড অন্তৰ্গত একাংশ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীয়ে বিনামূলীয়া পাঠ্যপুথি নোপোৱাৰ অভিযোগ উত্থাপন হৈছে । কিতাপ অবিহনেই জুন মাহত একাংশ শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব । যাৰ বাবে শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৷

লগতে পঢ়ক : আত্মনিৰ্ভৰশীল হোৱাৰ শিক্ষা : বজাৰত বিক্ৰেতাৰ ৰূপত শিক্ষাৰ্থী