Surprise Me!

ইউএছটিএমত বিহুৰ উছাহ : ৰঙালী উৎসৱত মুখৰিত হ’ল মেঘালয়ৰ পাহাৰ

2026-04-24 6 Dailymotion

সোণাপুৰ : দৈনন্দিন কৰ্মৰ পৰা কিছু পৃথক ৷ শ্ৰেণীকোঠাৰ বিপৰীতে শিক্ষক-শিক্ষয়ত্ৰী আৰু শিক্ষাৰ্থীক দেখা গ’ল এক ব্যতিক্ৰমী ৰূপত ৷ মেঘালয়ৰ ৰি-ভয় জিলাৰ ইউনিভাৰ্ছিটি অৱ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়ৰ (USTM) খেলপথাৰত এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰা দেখা যায় ৷

বিশ্ববিদ্যালয়ৰ চৌহদত এফালে যদি পৰম্পৰাগত অসমীয়া খাদ্য-সম্ভাৰৰ সুবাস বিয়পিছে, আনফালে আকৌ বিহুনাচৰ মূৰ্ছনাত মতলীয়া হৈ পৰিছে সকলো । বৃহস্পতিবাৰে পৰম্পৰা ৰক্ষা কৰি ইউএছটিএম বিশ্ববিদ্যালয়ত বাৰ্ষিক ৰঙালী উৎসৱ ২০২৬ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি বিহুৰ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট বিহু বিশেষজ্ঞ সোমনাথ ওজা, মাধুৰীমা চৌধুৰী, জয়ন্ত সোণোৱাল, বিহু সম্ৰাজ্ঞী সীমা কাকতিৰ লগতে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী আৰু শ্যামন্তিকা শৰ্মা ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি কণ্ঠশিল্পী তৃষ্ণা দেৱীয়ে কয়, "আমি পৰম্পৰা ৰক্ষা কৰি এইবাৰ বিহু উদযাপন কৰি আছো । সেই দুখ-বেদনা সকলোৱে অনুভৱ কৰি আছো । ইউএছটিএমত শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে একলগে যি মুকলি বিহুৰ আয়োজন কৰিছে, সেয়া সঁচাকৈয়ে প্ৰশংসনীয় ।" এই অনুষ্ঠানত শিশু শিল্পী জিউ উপস্থিত থাকে ৷

বিশ্ববিদ্যালয়খনৰ আচাৰ্য মহবুবুল হকে কয়, "যিকোনো উৎসৱ আহিলে শিক্ষাৰ্থীসকল ঘৰলৈ যাব বিচাৰে, যাৰ ফলত অধ্যয়নত কিছু ব্যাঘাত জন্মে । সেয়ে আমি বিশ্ববিদ্যালয় চৌহদতে এনেধৰণৰ উৎসৱ আয়োজন কৰো যাতে তেওঁলোকে ঘৰতে থকা যেন অনুভৱ কৰে ।"

লগতে পঢ়ক : খ্ৰাম-লোদাং-পাংচিৰ সুৰত মতলীয়া ডিমৰীয়াৰ লক্ষীগোগৰ তিৱাসকল