Surprise Me!

কংগ্ৰেছসহ বিৰোধীয়ে নাৰীক অপমান কৰিছে, নাৰীয়ে ৰাজনৈতিক সম অধিকাৰ পোৱাটো নিবিচাৰে : বিজেপি নেত্ৰী

2026-04-24 4 Dailymotion

নলবাৰী: শেহতীয়াকৈ সংসদত উত্থাপন কৰা মহিলা আসন সংৰক্ষণ বিধেয়কখন সন্দৰ্ভত বিৰোধীৰ যি ভূমিকা, তাক লৈ দেশজুৰি বিজেপিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ শুকুৰবাৰে নলবাৰীত এনডিএৰ নেতাই 'মহিলা আক্ৰোশ' শীৰ্ষক এক সংবাদমেল সম্বোধন কৰে ৷ 

বিজেপিৰ ৰাজ্যিক মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা পূৰবী ৰয়, নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্য, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শৰ্মা, কুলদ্বীপ কলিতা উপস্থিত থকা সংবাদমেল সম্বোধন কৰে এনডিএৰ মহিলা নেতৃত্ববৃন্দই ৷ 

এই সন্দৰ্ভত বিজেপি নেত্ৰী পূৰবী ৰয়ে কয়, "কংগ্ৰেছসহ বিৰোধী দলসমূহে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক ২০২৬ ৰ বিৰুদ্ধে লোৱা নীতি আৰু স্থিতি অতি গৰিহণাযোগ্য । এয়াই নাৰী শক্তিক চৰম অপমান কৰিছে । সংবিধানে সম অধিকাৰ আৰু সম মৰ্যাদা দিয়াৰ পিছতো মহিলাই ৰাজনৈতিক দিশত সম অধিকাৰ নোপোৱাটো অতি দুখৰ বিষয় । মহিলাসকলক সন্মান জনাই ৰাজনৈতিক দিশত মহিলাসকলৰ আসন সংৰক্ষণৰ বাবে নাৰী শক্তি বন্দন সংশোধনী বিধেয়ক-২০২৬ গৃহীত কৰিব বিচাৰিছিল । কিন্তু কংগ্ৰেছ লগতে বিৰোধী দলসমূহে বিধেয়কখন বিৰোধিতা কৰি সমগ্ৰ নাৰীজাতিক অপমান কৰিছে ।

লগতে পঢ়ক:গুৱাহাটীৰ কৃত্রিম বানপানীৰ বাবে জগৰীয়া কোন ? ক'লে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিয়ে