সৰুপথাৰ: শনিবাৰে বিয়লি অহা এজাক ধুমুহা আৰু বৰষুণে সৰুপথাৰ সমজিলাৰ বৰপথাৰৰ পাভজান গাঁৱত তাণ্ডৱলীলা সৃষ্টি কৰে । ধুমুহাৰ ফলত নিমিষতে তচনচ হৈ গ'ল এটি সপোনৰ ঘৰ । বৰপথাৰৰ পাভজান গাঁৱৰ যতীন দত্ত নামৰ লোকজনৰ বাসগৃহ ওপৰত প্ৰকাণ্ড গছ আধাতে ভাঙি তচনচ কৰে বাসগৃহ । ঘৰটোৰ ভিতৰত থকা কোনো সামগ্ৰী বৰ্তমানলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । ঘৰটোৰ ভিতৰত এখন স্কুটিৰ লগতে বহু মূল্যৱান সামগ্ৰী আছিল ।
গৃহস্থ যতীন দত্তই এই কৰি কয়, "মই দোকানৰ পৰা আহি প্ৰথমতে চাইকেলখন ৰাখি ঘৰলৈ সোমাই যাওঁতেই বতাহত গছ ভঙা শব্দ শুনি লৰালৰিকৈ আঁতৰি আহিলোঁ আৰু সেই সময়ত ঘৰৰ বাকীসকল ক’ত আছে আৰু সেইটো ক’বলৈ মোৰ ধৈৰ্যই নাই । ঘৰত মোৰ সৰু ছোৱালীজনী আছিলে আৰু মাক আছিলে । দুখ নাই পোৱা, কিন্তু বস্তু সকলো শেষ হৈ গ’ল ।"
স্থানীয় এজনে কয়, "বিয়লিৰ সময়ত এজাক ধুমুহাই গছজোপা আধাতে ভাঙি গৈছে । ঘৰটোৰ ভিতৰত বহুখিনি বস্তু আছে স্কুটিৰ পৰা ধৰি ডাইনিং টেবুল, বিচনা সকলোখিনি তলত আছে এতিয়া । এতিয়া এইখিনি আঁতৰাই থকা হৈছে । চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে তেখেতে কিবা এটা উপায়ে সহায় আগবঢ়ায় তেখেতলৈ ।"
লগতে পঢ়ক: মানুহৰ মনৰ ভিতৰখন জ্বলি পুৰি আছে: ৰঙালী উৎসৱৰ মাজতে কিয় ক'লে অভিনেতা অৰুণ হাজৰিকাই ?
নিশাৰ পৰা শাৰী পাতিও নাপালে এটা চিলিণ্ডাৰ: নলবাৰীত বিতৰকৰ বিৰুদ্ধে প্ৰতিবাদ গ্ৰাহকৰ