Surprise Me!

মূৰত গামোচা, ককালত টঙালি আৰু মুগা চুৰীয়া-চোলা বিহু মঞ্চত অধিবক্তা

2026-04-26 2 Dailymotion

গোলাঘাট: আদালতৰ মজিয়াত অপৰাধীৰ বিৰুদ্ধে আৰু নিৰপৰাধী লোকৰ সাপেক্ষে নিজৰ যুক্তি দাঙি ধৰি অহা অধিবক্তাসকলো যে অনন্য প্ৰতিভাৰ অধিকাৰী তাৰেই উদাহৰণ দাঙি ধৰিলে গোলাঘাটৰ ঐতিহাসিক অধিবক্তা সন্থাৰ বিষয়ববীয়াসকলে । ক'লা কোট, ক'লা পেণ্টৰ পৰিৱৰ্তে জাতীয় সাজপাৰ পৰিধান কৰি মঞ্চত হুচৰি প্ৰৰ্দশন কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় গোলাঘাটৰ অধিবক্তা সমাজ ।

অসমৰ ভিতৰত প্ৰথম বাৰৰ বাবে গোলাঘাট অধিবক্তা সন্থাৰ উদ্যোগত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৰঙালী বিহু । অধিবক্তা সন্থাৰ বিষয়ববীয়া আৰু পৰিয়ালসকলৰ মাজত লুকাই থকা প্ৰতিভা বিকাশ আৰু অসমীয়া কৃষ্টি-সংস্কৃতি সভ্যতা আগুৱাই নিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই ৰঙালী বিহু উদযাপন পঞ্চম বছৰত ভৰি দিছে । এই উপলক্ষে পতাকা উত্তোলন কৰে অধিবক্তা সন্থাৰ সভাপতি দীপম ৰঞ্জন সন্দিকৈয়ে ।  

বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, বিভিন্ন জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন, অধিবক্তা সন্থাৰ এটা বিহুৰ দলৰ হুঁচৰি প্ৰদৰ্শন কৰা হয় । নিশা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাঞ্জল প্ৰতিম আৰু বিতোপনৰ গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই সম্পৰ্কে গোলাঘাট অধিবক্তা সন্থাৰ সভাপতি দীপম ৰঞ্জন সন্দিকৈয়ে কয়, "দৈনিক আইন আদালতৰ লগত আমি ব্যস্ত থাকো । যাৰ বাবে সকলো আনন্দ-উল্লাসৰ পৰাও বিৰত থাকিবলগীয়া হয় আৰু সময়ৰ অভাৱৰ বাবে ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অসুবিধা কাৰণ আমাৰ অধিবক্তাসকলৰ আদালতত এমাহৰ আগতে দিন ধাৰ্য কৰি দিয়া থাকে । যাৰ বাবে চাৰিবছৰ পূৰ্বে অসমত প্ৰথম বাৰৰ বাবে আৰম্ভ কৰিছিলো । এইবাৰ পঞ্চমবাৰৰ বাবে বাবে ৰঙালী বিহু উদযাপন কৰিছো ।"

লগতে পঢ়ক: ৰৈ থকা ট্ৰাকত তীব্ৰবেগী ছুইফট ডিজায়াৰৰ প্ৰচণ্ড খুন্দা, মুহূৰ্ততে নিঃশেষ তিনি যুৱতীৰ জীৱন

নোহোৱ‍া হ'ব দীপৰ বিলৰ নান্দনিক সৌন্দৰ্য : এলিভেটেড ক'ৰিডৰ বাবে কটা হৈছে গছ, উদ্ধিগ্ন প্ৰকৃতিপ্ৰেমী