নগাঁও : নগাঁৱৰ চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰে জড়িত দুই মূল অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । মৰিকলং ডকাইতিকাণ্ডত জড়িত ডকাইতকেইটা ক্ৰমে ওমৰ আলী আৰু মিণ্টু হুছেইন বুলি জানিব পৰা গৈছে । লগতে আৰক্ষীয়ে জব্দ কৰে ডাঃ ৰঞ্জিত শইকীয়াৰ ঘৰৰ পৰা লুটি নিয়া নগদ ধনৰ লগত কিছু সামগ্ৰী । এতিয়াও পলাতক হৈ আছে ঘটনাৰে জড়িত ৩ টা ডকাইত । ধৃত ওমৰ আলী পূৰ্বেও বহু ডকাইতিৰ ঘটনাত জড়িত আছিল বুলি আৰক্ষীয়ে জনাইছে ।
এই সন্দৰ্ভত নগাঁৱৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসে কয়, "ঘটনাটোত ৫ জন মানুহ আছিল । পূৰ্ব পৰিকল্পিত আছিল । আটকাধীন দুয়োজনকে জেৰা চলোৱাৰ পিছত কিছুমান স্থানত আমি অভিযান চলালোঁ । এজনৰ তাত ২০ হাজাৰ ৫০০ আৰু আনজনৰ তাত ২৪ হাজাৰ ৫০০ টকা পাইছোঁ । তেওঁলোকে যি মাস্ক ব্যৱহাৰ কৰিছিল আৰু দা এখনো আমি উদ্ধাৰ কৰিছোঁ । এইটো আন্তঃজিলা গেং । বেলেগ জিলাতো তেওঁলোকৰ মানুহ আছে ।"
লগতে পঢ়ক : নগাঁৱৰ ডকাইতিকাণ্ডত জড়িত থকাৰ সন্দেহত দুজনক আটক
কোনো চিনাকী লোকেই জড়িত মৰিকলঙৰ ডকাইতিকাণ্ডত: আইজিপি জি ভি শিৱপ্ৰসাদ