সোণাপুৰ : ৰঙালী বিহুৰ উলাহৰ মাজতে গুৱাহাটী মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত দুৰুঙত ভয়ংকৰ হত্যাকাণ্ড । দুৰুং যুৱক সংঘৰ দ্বাৰা আয়োজিত দুৰুং আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ অনুষ্ঠান চলি থকাৰ মাজতে এজন উদণ্ড যুৱকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ২০ বছৰীয়া এজন যুৱকে ।
প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে নিশা প্ৰায় ১.৩০ বজাত ৩নং ঔজাৰীৰ মলয় দাস (২৬) নামৰ এজন সুৰাসক্ত যুৱকৰ সৈতে ২নং ঔজাৰীৰ প্ৰণৱ দাস (২০) নামৰ যুৱকজনৰ কোনো কথাক লৈ তৰ্ক-বিতৰ্ক হয় । তৰ্কই চৰম পৰ্যায় পোৱাত সুৰাসক্ত মলয় দাসে হাতত থকা বিয়েৰৰ বটল এটা ভাঙি প্ৰণৱ দাসৰ শৰীৰৰ নিম্নাংশত (দুই ভৰিৰ মাজত) তীব্ৰ জোৰে সুমুৱাই দিয়ে । ফলত প্ৰণৱৰ শৰীৰৰ পৰা প্ৰৱল ৰক্তক্ষয় হোৱাত জিলা চিকিৎসালয়লৈ লৈ যায় যদিও দুৰ্ভাগ্যবশতঃ চিকিৎসালয় পোৱাৰ পথতে তেওঁৰ মৃত্যু হয় ।
ঘটনা সন্দৰ্ভত প্ৰণৱ দাসৰ আত্মীয়ই কয়, অভিযুক্ত মলয় দাস এজন অত্যন্ত উদণ্ড স্বভাৱৰ যুৱক । ইয়াৰ পূৰ্বেও তেওঁ অঞ্চলটোত কেইবাবাৰো মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল । এজন নিৰীহ যুৱকক নৃশংসভাৱে হত্যা কৰা মলয় দাসৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনাইছে পৰিয়ালৰ লগতে ৰাইজে ।
আনহাতে, ক্ষেত্ৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তন্ময় নাথে সংবাদ মাধ্যমক জনোৱা মতে, "ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল বিহুস্থলীত উপস্থিত হয় । আৰক্ষীয়ে অভিযুক্ত মলয় দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ জেৰাত হত্যাকাৰী মলয় দাসে নিজৰ অপৰাধ স্বীকাৰ কৰিছে । বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰু যাৱতীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ।"
লগতে পঢ়ক :চেষ্টা ব্যৰ্থ হ'ল, কাৰাগাৰেই ঠিকনা: শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ