যোৰহাট: যোৰহাট দেৰগাঁৱৰ সীমান্তৱতী ছ-গুৰি কছাৰী গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । ঘটনা বিৱৰণী অনুসৰি আন এক হত্যাৰ গোচৰত দীৰ্ঘদিন ধৰি জেলত হাজোতত বন্দিত্বৰ জীৱন কটাই পুনৰ মুকলি আকাশৰ তললৈ আহি পাপু ৰাজবংশী নামৰ এজনে লোকে পথৰ ওপৰত মুকলিকৈ হত্যা কৰে এজন ব্যক্তিক । পাপু ৰাজবংশী নামৰ এজন ব্যক্তিয়ে পথৰ ওপৰতে চোকা অস্ত্ৰৰে সম্বন্ধীয় বৰদেউতাক ৰঞ্জিত দাসক উপযুক্ত পৰি প্ৰহাৰ কৰি নিৰ্মমভাৱে হত্যা কৰে ।
বুধবাৰে নিশা প্ৰায় দহমান বজাত এই ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে পাপু ৰাজবংশী নামৰ লোকজনৰ চোকা অস্ত্ৰৰ আক্ৰমণত মৃত্যুক আঁকোৱালি লয় ৰঞ্জিত দাস নামৰ ব্যক্তিজনে । নিশা অঞ্চলটোৰ লোকসকলে হুলস্থুলৰ শব্দ শুনি পথলৈ ওলায় আহি প্ৰতক্ষ্য কৰে যে পাপু ৰাজবংশী নামৰ লোকজনে আক্ৰমণ কৰি নিহত কৰে এজন ব্যক্তিক ।
ঘটনাস্থলীত সেই সময়ত উপস্থিত হোৱা ৰাইজে কৰায়ত্ত কৰি এজোপা গছত বান্ধি ৰাখে পাপু ৰাজবংশীক । আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছত চিনাক্ত হোৱা মৃত লোকজন সম্বন্ধত পাপু ৰাজবংশীৰ বৰদেউতাক নেঘেৰিটিঙৰ ৰঞ্জিত দাস বুলি জানিব পৰা গৈছে ।
হত্যাকাণ্ডৰ কাৰণ আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব । জানিব পৰা মতে পাপু ৰাজবংশী নামৰ লোকজনে কেইবছৰমান পূৰ্বে নিজৰ মোমায়েকক হত্যা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও পুনৰ মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় ।
লগতে পঢ়ক: নাৰী সবলীকৰণৰ বাৰ্তাৰে ৭,৮০০ কিলোমিটাৰ চাইকেল চলাই তিনিচুকীয়াত আশা
মাছমৰীয়াৰ বেশত বিধায়ক: বোকা-পানীত নামি মাছ ধৰাত ব্যস্ত ৰমাকান্ত দেউৰী