নগাঁও : বৃহস্পতিবাৰে নিশা নগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । নগাঁও মৰিকলঙৰ এগৰাকী চিকিৎসকৰ ঘৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ডকাইতি-কাণ্ড । চিকিৎসক ৰঞ্জিত শইকীয়াৰ ঘৰত নিশা ডকাইতে লুটপাত চলায় ।
ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ডাঃ ৰঞ্জিত শইকীয়া আৰু তেওঁৰ পত্নী । আহত দুয়োকে প্ৰথমে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
ইফালে ডকাইতিৰ খবৰ লাভ কৰাৰ লগে লগে পুৱাতেই আৰক্ষীৰ দল লগত লৈ চিকিৎসকগৰাকীৰ বাসগৃহত উপস্থিত হয় নগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাস । ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কয়, "ইয়াত ঘটনাটো কেতিয়া হৈছে নাজানো । তেওঁ আমাৰ ঘৰলৈ গৈছে পুৱা ৩ বজাত । আমাক জগাবলৈ গৈছে । আমাৰ ঘৰ অলপ দূৰৈত, তেতিয়াহে গম পাওঁ । মই আহি দেখিছোঁ তেওঁ পৰি আছে, মাতি আছোঁ নুঠে । মূৰৰ পৰা তেজ ওলাই আছে । লগে লগে গাড়ী লৈ আহি তেওঁলোকক হাস্পতাললৈ লৈ গৈছোঁ । বাচ্চাটো শুই আছে, একো কৰা নাই । গোটেই গডৰেজ খোলা । তেওঁ কোৱা মতে গোটেই গহনা-পাতি লৈ গৈছে, পইচা লৈ গৈছে । ৰডেৰে মাৰিছে । মুখত ক'লা কাপোৰ মেৰিওৱা সাত-আঠটামান ডকাইত আহিছে বুলি কৈছে ।"
লগতে পঢ়ক :নগাঁৱৰ ৩৯ খন চৰকাৰী বিদ্যালয়ৰ মেট্ৰিকত শোচনীয় ফলাফল: প্ৰধান শিক্ষকক সকীয়নি জিলা আয়ুক্তৰ