কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰাম আৰক্ষী থানাৰ অন্তৰ্গত চিথিলা নামাপাৰা গাঁৱত শুকুৰবাৰে বিয়লি বজ্ৰপাতৰ ফলত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে এটি শিশুকে ধৰি তিনিজন লোক গুৰুতৰভাবে আহত হয় । প্ৰায় ৩ বজাত এই ঘটনা সংঘটিত হয় । ব্ৰজপাতৰ ফলত ছহিদ আলি প্ৰামাণিক (৪৫) আৰু চিৰাজুল হক (৪০) নামৰ লোক দুজনৰ থিতাতে মৃত্যু হয় ৷
আনহাতে, একাব্বৰ মণ্ডল (৫৬), ছাহিদা বিবি (৪৫) আৰু ছাহিন প্ৰামাণিক (১০) গুৰুতৰভাৱে আহত হয় । আহত ৩ জন দোতমা সামূহিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে । এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "হতাহত হোৱা লোককেইজনে পথাৰত কাম কৰিবলৈ যাওতে ঘটনাটো সংঘটিত হয় ৷" দিন হাজিৰা কৰি খোৱা পৰিয়ালৰটোৰ দুজনকৈ লোক নিহত হোৱাত গাঁওখনত শোকৰ ছাঁ পৰিছে ৷ স্থানীয় ৰাইজে পৰিয়ালটোক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ স্থানীয় প্ৰশাসনক দাবী জনাইছে ৷
লগতে পঢ়ক:জোনাইত ধুমুহাত বিস্তৰ ক্ষতিসাধন; ৫টা পশুধনৰ মৃত্য়ু
প্ৰতিকূল বতৰৰ ফলত ১৭ জনৰ মৃত্যু, ২৬ গৰাকী আঘাতপ্ৰাপ্ত