Surprise Me!

বিৰোধী ঐক্য়মঞ্চই ৭০খনৰো অধিক আসন লাভ কৰিব : অখিল গগৈ

2026-05-04 0 Dailymotion

শিৱসাগৰ: শিৱসাগৰ জিলাৰ তিনিটা সমষ্টিৰ ভোটগণনা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত আৰম্ভ হৈছে । ইয়াৰ লগে লগে জিলাখনৰ ডিমৌ, শিৱসাগৰ আৰু নাজিৰা সমষ্টিৰ প্ৰাৰ্থীৰ লগতে প্ৰতিটো দলৰ সমৰ্থকৰ মাজত হৃদস্পন্দনো বৃদ্ধি পাবলৈ ধৰিছে । প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ নিজৰ সমৰ্থনত বক্তব্য় ৰাখি বিজয় নিশ্চিত বুলি দাবী কৰিছে ।

ভোটগণনাৰ প্ৰাক মুহূৰ্তত শিৱসাগৰ, ডিমৌ আৰু নাজিৰা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ক্ৰমে ৰাইজৰ দলৰ অখিল গগৈ, কংগ্ৰেছ দলৰ অজয় গগৈ আৰু দেৱব্ৰত শইকীয়াই নিজ নিজ জয়ৰ সম্ভাৱনা আছে বুলি মন্তব্য় কৰিছে । এই সন্দৰ্ভত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে কয়, "ৰাইজৰ দলৰ ১৩গৰাকী প্ৰাৰ্থীৰ ভিতৰত আটাইকেইগৰাকীয়ে বিজয়ী হোৱাৰ আশা প্ৰকাশ কৰিছো । অসমৰ ৰাইজে আজি আকাংক্ষিত পৰিৱৰ্তন দেখিবলৈ পাওক । সাম্প্ৰদায়িক, ফেচীবাদী শক্তি বিজেপিৰ হাতৰ পৰা বিৰোধী ঐক্য়মঞ্চৰ হাতলৈ আহক । বিৰোধী ঐক্য়মঞ্চই ৭০খনৰো অধিক আসন লাভ কৰিব ।"

লগতে পঢ়ক:বিধানসভা নিৰ্বাচনৰ ভোটগণনা: অসম, পশ্চিম বংগ, কেৰালাম, তামিলনাডু আৰু পুডুচেৰীত কোনে মাৰিব বিজয়ৰ হাঁহি

তৃতীয়বাৰৰ বাবে দিছপুৰ দখল কৰিব পাৰিবনে এনডিএই ? কি হ'ব বিৰোধীৰ ?