Surprise Me!

ফলাফলৰ পূৰ্বে বিৰোধীৰ চৰকাৰ গঠনৰ দাবী, কিন্তু চূড়ান্ত ফলাফলত সকলো বিপৰীত: বিশ্বজিৎ ফুকন

2026-05-04 1 Dailymotion

গোলাঘাট : অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতেই বিৰোধীক কটাক্ষ কৰিলে সৰুপথাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে । তৃতীয় ৰাউণ্ডৰ ভোটগণনাৰ পিচতেই সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ লগতে বিৰোধীক আক্ৰমণৰ লক্ষ্য় কৰি লয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে । 

নিৰ্বাচনৰ সময়ত আৰু ভোট গণনাৰ আগত বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰা প্ৰসংগত বিজেপি প্ৰাৰ্থী বিশ্বজিৎ ফুকনে কয়,"বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে; কিন্তু ভোট গণনাৰ সময়ত পৰাজিত হয় । আজিও তেওঁলোকৰ সেইটোৱে হৈছে । ২০১৪ চনৰ পৰা সেইটোৱে হৈ আছে । তেওঁলোকে জয়ী হ'ব বুলি এটা পৰিৱেশ সৃষ্টি কৰি ৰাইজৰ দল,অসম জাতীয় পৰিষদৰ দৰে দলৰ বজাৰত কালেকশ্বন কৰিবলৈ সহজ হয় । সেইবাবে তেওঁলোকে অ'ভাৰ কনফিডেন্ট হৈ দেখুৱাই । তেওঁলোকৰ কথাবোৰ শুনিলে এনে লাগিব যেন তেওঁলোকহে জয়ী হৈছে আৰু আমি হাৰিছো ।"

গোলাঘাটকে ধৰি সমগ্ৰ ৰাজ্য়ৰ যি ফলাফল সেয়া আশানুৰূপ হৈছে বুলি উল্লেখ কৰি বিশ্বজিৎ ফুকনে কয়, "জনসাধাৰণে আমাক বিপুলভাৱে সমৰ্থন জনাইছে । সাত নম্বৰ ৰাউণ্ডত আমি প্ৰায় ১৮ হাজাৰ ভোটৰ ব্য়ৱধানত আগবাঢ়ি আছো । আমি সৰুপথাৰবাসীক কৃতজ্ঞতা জ্ঞাপন কৰিছো । তেওঁলোকৰ মৰম আৰু সমৰ্থনৰ প্ৰতিদান স্বৰূপে উন্নয়ন  আৰু বিকাশ অধিক  ত্বৰান্বিত কৰিম । "

লগতে পঢ়ক:শিৱসাগৰ বিধানসভা সমষ্টি অখিল গগৈ নে এনডিএই দখল কৰিব ?

জালুকবাৰীত দুৰ্গ অক্ষত থাকিব নে হিমন্ত বিশ্ব শৰ্মাৰ?