Surprise Me!

আৰক্ষীৰ জালত চাৰি মানৱ অংগ সৰবৰাহকাৰী, টাৰ্গেট হৈ পৰিছে দুখীয়া পৰিয়াল

2026-05-08 5 Dailymotion

তিনিচুকীয়া: ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে মানৱ অংগৰ অবৈধ বেহা ৷ বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰিল মানৱ অংগ সৰবৰাহকাৰী চক্ৰ । ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ যুটীয়া অভিযানত মাৰ্ঘেৰিটাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে মানৱ অংগৰ অবৈধ বেহাৰ সৈতে জড়িত চাৰিজন লোকক । জাকিৰ হুছেইন (৫৩), শংকৰ চেন্তনু(২৮), সমিৰ পল(৩৭) আৰু গোপাল ৰয় (৩১) নামৰ চাৰি অপৰাধীক আটক কৰে আৰক্ষীয়ে ৷

অভিযোগ অনুসৰি, মাৰ্ঘেৰিটাৰ ৰাজীৱ দে' নামৰ এজন ব্যক্তিক কামৰ প্ৰলোভনেৰে লৈ গৈছিল চাৰি অপৰাধীয়ে ৷ এই সন্দৰ্ভত ভুক্তভোগী পৰিয়ালৰ লোকে কয়,"কামৰ প্ৰলোভনেৰে ৰাজীৱক লৈ গৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ধনৰ প্ৰলোভনেৰে বৃক্ক বিক্ৰী কৰিবলৈ চাৰি অপৰাধীয়ে হেঁচা প্ৰয়োগ কৰিছিল ৰাজীৱক ৷ সেয়ে আমি আৰক্ষীৰ কাষ চাপিলো ৷ আমাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ৪ অভিযুক্তক আটক কৰে ৷"

উল্লেখ্য যে, দাৰিদ্ৰতাৰ সুযোগ লৈ মানুহৰ জীৱনক লৈ হেতালি খেলা এই দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীয়ে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে।

লগতে পঢ়ক:এটা অভিযোগৰ পৰা মুক্ত হ'ল অগপ: ষাঠি শতাংশ নতুন মুখেৰে এইবাৰ বিধানসভা গৰকিব অগপই