ধিং : ধিং সমষ্টিত বেলচা হাতত লৈ উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিলে সমষ্টিৰ নৱনিৰ্বাচিত যুৱ বিধায়ক মেহবুব মুক্তাৰে । শনিবাৰে ধিং সমষ্টিৰ এক গুৰুত্বপূৰ্ণ আৰু দীৰ্ঘদিনীয়া সমস্যাৰ সমাধানৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে বিধায়কগৰাকীয়ে । নৱনিৰ্বাচিত বিধায়কগৰাকীয়ে নিজ হাতে জৰাজীৰ্ণ পথ মেৰামতিৰ কাম আৰম্ভ কৰি সাধাৰণ ৰাইজৰ মাজত বিশেষ সঁহাৰি লাভ কৰিবলৈ সক্ষম হয় ।
মৈৰাবাৰী তেলডিপোৰ পৰা ধিং হৈ নগাঁও-ভূৰাগাঁও সংযোগী এই ব্যস্ত পথছোৱা বহুদিন ধৰি অতি শোচনীয় অৱস্থাত পৰি আছিল । পথছোৱাৰ বিভিন্ন ঠাইত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত দৈনিক যাতায়ত কৰা হাজাৰ হাজাৰ গাড়ী-মটৰৰ চালক আৰু সাধাৰণ পথচাৰীয়ে অসুবিধাৰ সন্মুখীন হৈ আহিছিল । বিশেষকৈ বৰষুণৰ সময়ত পথছোৱা অধিক বিপদজনক হৈ পৰিছিল, যাৰ ফলত প্ৰায়ে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল ।
এই সমস্যাৰ গুৰুত্ব অনুধাৱন কৰি বিধায়ক মেহবুব মুক্তাৰ নিজে উপস্থিত হৈ পথ মেৰামতিৰ কাম আৰম্ভ কৰে । কেৱল নিৰ্দেশ দিয়াই নহয়, তেওঁ নিজ- হাতে কামত অংশগ্ৰহণ কৰি এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰে । বিধায়কগৰাকীৰ এই পদক্ষেপত স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক: নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড কোকৰাঝাৰ আদালতৰ - KOKRAJHAR RAPIST IMPRISONMENT
আৰক্ষীৰ বৃহৎ সফলতা, লক্ষাধিক টকাৰ সামগ্ৰীসহ আৰক্ষীৰ জালত দুই কুখ্যাত চোৰ - TWO THIEVES ARRESTED