বিশ্বনাথ: সমগ্ৰ ৰাজ্যতে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক জুৰুলা কৰিছে । বিশেষকৈ গেছ চিলিণ্ডাৰ, পেট্ৰ'ল, ডিজেলকে আদি কৰি সামগ্ৰীৰ জুই-চাই মূল্য বৃদ্ধি হৈছে । ইফালে শেহতীয়াকৈ ঔষধৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
এই মূল্য়বৃদ্ধিৰ প্ৰতিবাদত বিজেপি চৰকাৰখনৰ বিৰুদ্ধে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালকৈ বৃস্পতিবাৰে বিশ্বনাথ জিলাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টীৰ উদ্যোগত বিশ্বনাথ চহৰত প্ৰতিবাদ সাব্যস্ত কৰে ।
চাউল, দাইল, তেল, গেছ চিলিণ্ডাৰ, পেট্ৰ’ল-ডিজেল আদিৰ আকাশলংঘী মূল্যবৃদ্ধিত চৰকাৰ ব্য়ৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, "দেশত সকলো ফালৰ পৰা দুৰ্যোগ আৰম্ভ হৈছে । সাধাৰণ মানুহৰ মাজত অত্য়াচাৰ আৰম্ভ হৈছে । অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে । দেশত টকাৰ মূল্য় ডলাৰৰ হিচাপত নিম্নগামী হৈয়ে আছে । চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য় সহনশীল হোৱাৰ কথা কৈছিল যদিও দুৰ্নীতিগ্ৰস্তসকলক তেওঁলোকৰ ৱাশ্বিং মেচিনত সোমাই নিজৰ কৰি লৈছে ।"
লগতে পঢ়ক: সংকটৰ সময়ত প্ৰধানমন্ত্ৰী গৈ বিদেশত ৰীলছ বনোৱাত ব্যস্ত: কৃষক মুক্তি সংগ্ৰাম সমিতি
২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে মূল্যবৃদ্ধি : এটকা বৃদ্ধিৰে প্ৰতি কেজি চিএনজিৰ নতুন নিৰিখ ৮০ টকা