Surprise Me!

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছ ৰে'লৰ যাত্ৰী

2026-05-23 6 Dailymotion

যোৰহাট: ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল অবধ আছাম এক্সপ্ৰেছৰ হাজাৰ হাজাৰ ৰে'ল যাত্ৰী । ৰে'ল লাইনৰ ২৫ হাজাৰ ভল্ট কাৰেণ্টৰ তাঁৰ ছিগি যোৱাত ভাগ্য ক্ৰমে ৰক্ষা পৰে ট্ৰেইন যাত্ৰীসকল । প্ৰায় তিনি ঘণ্টাজুৰি তিতাবৰ মেলামাতিৰ ৰে'লপথত আবদ্ধ হৈ ৰ'ল অবধ আছাম এক্সপ্ৰেছ । তিতাবৰ মেলামটি ৰে'ল গেটত সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । এজাক বতাহ ধুমুহাত প্ৰকাণ্ড আম গছ উভালি ৰে'ল লাইনৰ ওপৰত থকা ২৫ হাজাৰ ভল্ট থকা কাৰেণ্টৰ তাঁৰত পৰাৰ ফলত ছিগি যায় ।  

সেই সময়তে তিনিচুকীয়াৰ পৰা গুৱাহাটীৰ অভিমুখে আহি আছিল নামনিমুৱা অৱধ আছাম এক্সপ্ৰেছ । । ট্ৰেইনখন ঘটনাস্থলীৰ পৰা প্ৰায় ডেৰশ মিটাৰ মান থাকোঁতে হঠাৎ বতাহত উভালি পৰে প্ৰকাণ্ড আম গছজোপা । কাৰেণ্টৰ তাঁৰ ছিগাৰ লগতে গেট কীপাৰৰ ৰে'লৱে যি ঘৰ আছে সেইটো ঘৰৰো বিস্তৰ ক্ষতিসাধন হয় । প্ৰায় তিনিঘন্টা পৰ্যন্ত আবদ্ধ হৈ পৰে ৰে'লখন । ৰে'ল বিভাগে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ গছডাল কাটি ৰে'ল লাইন মুকলি কৰিছে ।

লগতে পঢ়ক: বিশ্ব কাছ দিৱস: অসমতে পোৱা যায় সৰ্বাধিক কাছৰ প্ৰজাতি

বিধ্বস্ত গৌৰৱে এতিয়াও ক'ব পৰা নাই কোন হ'ব বিৰোধী দলপতি: চালে-বেৰে কোবাইহে সামৰিছে প্ৰসংগ