Surprise Me!

কলগাছিয়া অসামৰিক চিকিৎসালয়ত ৰোগী-ৰাইজে পাব বিশুদ্ধ খোৱা পানী

2026-06-05 1 Dailymotion

জনিয়া: কলগাছিয়াবাসীৰ বাবে এক সুখবৰ ৷ শুকুৰবাৰে কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল ৷ চিকিৎসালয়খনত এতিয়াৰে পৰা ৰোগী আৰু সৰ্বসাধাৰণ ৰাইজে লাভ কৰিব বিশুদ্ধ খোৱাপানী । শুকুৰবাৰে বৰপেটা জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ উপস্থিতিত এই পানীৰ লৌহ পদাৰ্থ নিষ্কাষণ আৰু ভূগৰ্ভস্থ জলাশয় প্ৰকল্পটোৰ শুভ উদ্বোধন কৰে ৷

উল্লেখ্য যে ৰাজহুৱা প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰীৰ বঁটাৰ পুঁজিৰ পৰা প্ৰায় ২০ লাখ ৮৫ হাজাৰ ৩০৩ টকা ব্যয় সাপেক্ষে এই বিশেষ প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে । আনহাতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰকল্পটো উদ্বোধন কৰাৰ পূৰ্বে চিকিৎসালয়ৰ চৌহদত জিলা আয়ুক্তগৰাকীয়ে গছপুলি ৰোপণ কৰে । চিকিৎসালয়খনৰ সন্মুখত এজাক বৰষুণ দিলেই সৃষ্টি হোৱা কৃত্ৰিম বানপানীৰ সমস্যা সন্দৰ্ভতো জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰিছে । অতি সোনকালেই এক নলা নিৰ্মাণৰ জৰিয়তে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰা হ’ব বুলিও প্ৰশাসনৰ তৰফৰ পৰা আশ্বাস প্ৰদান কৰা হয় ।

লগতে পঢ়ক:সেউজ ধৰিত্ৰীৰ বাবে সমৰ্পিত এগৰাকী ব্যক্তি: প্ৰায় ডেৰ দশকত ৰোপণ-প্ৰতিপালন লক্ষাধিক গছপুলি