Surprise Me!

১৪.৫ কোটি টকা ব্যয়েৰে নিৰ্মিত মথাউৰিত ভয়াবহ খহনীয়া

2026-06-06 4 Dailymotion

জোনাই: জোনাইৰ চিয়াং লালী নদীৰ পাৰত বান খহনীয়া প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা কোটি টকীয়া মথাউৰিত আৰম্ভ হৈছে খহনীয়া । মথাউৰি নিৰ্মাণৰ প্ৰায় দুবছৰৰ ভিতৰতে বিভিন্ন অংশত চপৰা চপৰে খহাত নিন্দ্ৰা হৰণ কৰিছে নৈপৰীয়া ৰাইজক ।  

উল্লেখ্য যে ২০২২-২৩ বৰ্ষৰ এছঅ'পিডিৰ অধীনত প্ৰায় ১৪.৫ কোটি টকা ব্যয়েৰে জোনাইৰ শান্তিপুৰ তিনিআলিৰ পৰা কেৰকেৰলৈকে নিৰ্মাণ কৰা হৈছিল প্ৰায় ৭ কিল'মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিটো । বান প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰা উক্ত মথাউৰিটো আজি দুবছৰৰ ভিতৰতে সামান্য এজাক বৰষুণতে বিভিন্ন অংশত চপৰা চপৰে খহি সৃষ্টি কৰিছে বৃহৎ বৃহৎ আকাৰৰ গাত ৷  

এনেদৰে এজাক বৰষুণৰ ফলত খহনীয়া অব্যাহত থকাত বাৰিষাৰ সময় অহাৰ লগে লগে আৰু অধিক শংকিত হৈ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে নৈপৰীয়া ৰাইজে । উত্থাপিত অভিযোগ মতে, সম্পূৰ্ণ বালি মাটিৰে এই মথাউৰিটো নিৰ্মাণ কৰা বাবে নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ৰে পৰাই  সামান্য বৰষুণতে খহি আহিছে ৷

উল্লেখ্য যে জলসম্পদ বিভাগে কেৱল নিবিদা আবেদন কৰিয়ে ঠিকাদাৰক ঠিকা দি কামৰ কোনো খতিয়ান নিৰিক্ষণ নকৰি জোনাই জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা আৰু ঠিকাদাৰজনৰ ব্যক্তিগত মুনাফা আদায় কৰাৰ মানসিকতাৰে জোনাইৰ নৈ পৰীয়া ৰাইজৰ মাটি ভেটি আৰু জীৱন সম্পত্তিক লৈ গুৰুত্ব নিদি এইদৰে বৃহৎ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ এই সন্দৰ্ভত এজন স্থানীয় ব্য়ক্তিয়ে কয়, "ভয়াবহ খহনীয়া হৈ থকাৰ পিচতো বিভাগ তথা প্ৰশাসনৰ লোকে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ।"  

লগতে পঢ়ক:দক্ষিণ শালমাৰা মানকাচৰত খহনীয়াই লৈছে ভয়ংকৰ ৰূপ

মাজুলীৰ কৰ্দৈগুৰিত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়া: ৪০-৫০ খন গাঁৱলৈ অনি সংকেত