মাজুলী : বৃহস্পতিবাৰে মাজুলীত উপস্থিত হয় জলসম্পদ মন্ত্ৰী তথা মাজুলীৰ অভিভাৱক মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁই । নামনি মাজুলীৰ কেইবাটাও স্পৰ্শকাতৰ অঞ্চল পৰিদৰ্শন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে তেওঁ দুশ কোটি টকীয়া এক বৃহৎ আঁচনিৰ কথা ঘোষণা কৰে ।
তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকতো মিলিত হয় ৷
মন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে খহনীয়াগ্ৰস্ত মলয়া চাপৰি, কৰ্দৈগুৰি আৰু ভকতচাপৰি অঞ্চল পৰিদৰ্শন কৰে । পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে স্থানীয় নৈপৰীয়া ৰাইজৰ সৈতে পোনপটীয়াভাৱে কথা পাতি খহনীয়া সমস্যাৰ বুজ লয় ।
ইয়াৰ পাছতেই মন্ত্ৰীগৰাকীয়ে আউনিআটী সত্ৰৰ সমীপৰ ভকতচাপৰিলৈ সোমাই অহা সুঁতিটো বন্ধ কৰাৰ বাবে চলি থকা বিভাগীয় আঁচনিৰো অগ্ৰগতি পৰীক্ষা কৰে ।
মন্ত্ৰী সুশান্ত বুঢ়াগোহাঁয়ে কয়, ‘‘ভকতচাপৰিৰ সমাধান সূত্ৰ উলিওৱাৰ মূল হ’ল আমাৰ অভিযন্তাসকল ৷ বহুত যুঁজি যুঁজি তেওঁলোকে এই সমাধান সূত্ৰ উলিয়াবলৈ সক্ষম হৈছে ৷ আজি আমি আমাৰ কৃতকাৰ্যতা চাবলৈ আহিলো ৷ ভকতচাপৰি আমাৰ কৃষিক্ষেত্ৰৰ মূল কেন্দ্ৰ ৷ ভকতচাপৰিক যেতিয়া আমি বচাব পাৰিছো, মাজুলীৰ বাবে এয়া শুভ লক্ষণ ৷’’
লগতে পঢ়ক : জোনাই নাহৰ নলাত ভয়াৱহ গৰাখহনীয়া; দিক-বিদিক হেৰুৱাইছে গঞা ৰাইজে