Surprise Me!

বান-খহনীয়া সমস্যা প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি মন্ত্ৰী অজন্তা নেওগৰ

2026-06-11 8 Dailymotion

মৰিগাঁও: মৰিগাঁও জিলাৰ বান-খহনীয়া সমস্যা প্ৰতিৰোধৰ প্ৰতিশ্ৰুতিৰে অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে জিলাখনত উপস্থিত হয় অজন্তা নেওগ । মন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মৰিগাঁও জিলা প্ৰশাসনে । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী অজন্তা নেওগে । নিৰ্ধাৰিত সময়ত সভাকক্ষত উপস্থিত হোৱা মন্ত্ৰীগৰাকীক মৰিগাঁও জিলাৰ জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

উক্ত সভাত মনোযোগেৰে সকলো বিষয় শুনি বিভাগীয় বিষয়াসকলক চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ অধিক গতিশীলভাৱে, স্বচ্ছতাৰে আৰু সময়মতে ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাই মন্ত্ৰী নেওগে ।  

তেওঁ কয়,"চৰকাৰৰ প্ৰতিখন আঁচনিৰ মূল লক্ষ্য হৈছে জনসাধাৰণৰ জীৱনধাৰণৰ মান উন্নত কৰা । সেয়ে আঁচনিসমূহৰ সুফল যাতে সমাজৰ অন্তিমজন লোকৰ ওচৰলৈও সঠিক সময়ত যায় তাৰ বাবে সকলো বিভাগে সমন্বয় আৰু দায়বদ্ধতাৰে কাম কৰিব লাগিব ।" উক্ত সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত থাকি বিভিন্ন উন্নয়নমূলক বিষয়ত নিজৰ মতামত আগবঢ়ায় ।

লগতে পঢ়ক: অসমৰ বুকুত কনচাৰ্ট অৰ্থনীতিৰ জোৱাৰ ! অসম পৰ্যটনৰ নতুন মূলধন- লাইভ মিউজিক

খোজ দিবলৈ দহবাৰ ভাবিবলগীয়া এটা পথ, ধৰিবই নোৱাৰি বাট নে বননি