Surprise Me!

ধেমাজিত বান সমস্যা সম্পৰ্কত পৰ্যালোচনা মন্ত্ৰী অতুল বৰাৰ

2026-06-17 0 Dailymotion

ধেমাজি: বানপানী হ’লে জিলা প্ৰশাসনে কেনেদৰে মোকাবিলা কৰিব তাৰ প্ৰস্তুতি সম্পৰ্কত মংগলবাৰে ধেমাজি জিলা সংহত আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন পৰ্যালোচনা সভাত মিলিত হয় মন্ত্ৰী অতুল বৰাই । লগতে অসম-অৰুণাচলৰ সীমা সমস্যা সম্পৰ্কতো জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰে মন্ত্ৰী বৰাই ৷

সভাৰ অন্তত মন্ত্ৰী বৰাই সংবাদ মাধ্যমৰ আগত কয়,"ধেমাজিত প্ৰত্যেক বছৰে বানপানী হয় আৰু যথেষ্ট ক্ষয়ক্ষতি হয় ৷ বাৰিষাৰ ছিজন, সেয়ে জিলাখনত যিকোনো মুহূৰ্ততে বানপানী হ’ব পাৰে ৷ গতিকে ইয়াৰ সৈতে মুখামুখি হ’বলৈ প্ৰস্তুতি কেনেকৈ চলাইছে সেইখিনি পৰ্যালোচনা কৰাৰ লগতে প্ৰয়োজনীয় কাম কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হয় ৷"

উল্লেখ্য যে, পৰ্যালোচনা সভাত বিধায়ক ভূৱন পেগু, জীৱন গগৈৰ লগতে জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীসহ জিলাখনৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:তিনি বছৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়-বাঘ চিকাৰৰ ঘটনা শূন্য