যোৰহাট: সমগ্ৰ ভাৰতবৰ্ষত উদযাপন কৰা হয় দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস । দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে বান বিধ্বস্ত যোৰহাটবাসীয়েও স্বাধীনতা দিৱস পালন কৰে । যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পেৰেড গ্ৰাউণ্ডত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে । পোন প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্দে মাতৰম পৰিৱেশন কৰা হয় ।
পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমক দেশৰ পাঁচখন আগশাৰীৰ ৰাজ্য হিচাপে প্ৰতিষ্ঠাৰ দিশে আগবঢ়ায় লৈ যোৱাত দ্ৰুতভাৱে কাম কৰা হৈছে বুলিও তেওঁ ভাষণত উল্লেখ কৰে । অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি অসম আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।
লগতে পঢ়ক: ৮০ সংখ্যক স্বাধীনতা দিৱস: লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰীৰ LIVE - PM NARENDRA MODI
খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ LIVE - HIMANTA BISWA SARMA